চাঞ্চল্যঃ বিহালীৰ ক'ল বস্তিত তিনিগৰাকী মহিলা নিৰুদ্দেশ

 08/28/2020 - 16:01

 

 

বিহালীঃ যোৱা সোমবাৰে পুৱা প্ৰায় দহমান বজাত লাহৰিজানস্থিত মোনাবাৰী চাহ-বাগিচাৰ চিকিত্সালয়লৈ বুলি গীতাৰহি দাস, প্ৰিয়া ৰহিদাস, লাইলা ৰহিদাস আৰু কন্যা তেওঁৰ বিন্দীয়া ৰহিদাস নিৰুদ্দেশ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কণ-কণ সন্তান এৰি থৈ একেলগে তিনিজনকৈ মহিলা অঞ্চলটোৰ পৰা দিন দুপৰতে অন্তৰ্ধান হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে আটছাকে ধৰি বিভিন্ন দল-সংগঠন। একাংশ দল-সংগঠনৰ নেতৃত্বৰ লগতে স্থানীয় ৰাইজে নাৰী সৰবৰাহ কবলত পৰাৰো সন্দেহ প্ৰকাশ কৰিছে। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পৃথকে-পৃথকে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।