মই দাস নহয়,খাতুন সেয়ে মই চৰকাৰৰ দ্বাৰা উপেক্ষিতঃ স্বৰ্ণকন্যা চান্দনী খাতুন

 05/13/2019 - 18:09

ওদালগুৰিঃ সবকা সাথ,সবকা বিকাশৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ আমোলত মুছলমানসকল ধৰ্মীয় বিদ্বেষৰ বলি হোৱাৰ অভিযোগ নতুন নহয়। আন্তঃৰাষ্ট্ৰীয় খেলত নটাকৈ সোণৰ পদক লাভ কৰা স্বৰ্ণ কন্যা চান্দনী খাতুনক উপেক্ষা কৰাত চৰকাৰখনৰ সবকা সাথ, সবকা বিকাশৰ প্ৰকৃত নগ্ন স্বৰূপ পোহৰলৈ আহিছে। ঘটনা ওদালগুৰি জিলাৰ মাজবাটৰ। জিলা, ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে আৰু কিক বক্সিঙ খেলি নটাকৈ সোণৰ পদক লাভ কৰি দেশ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা দৰিদ্ৰ ঘৰৰ চান্দনী খাতুনক চৰকাৰে সাহায্য প্ৰদান কৰাতো দূৰৰে কথা, ধাৰাবাহিক ভাবে চৰকাৰৰ অমনোযোগিতা আৰু দায়িত্ব জ্ঞানহীনতাৰ বাতৰি প্ৰকাশৰ পিছতো খবৰ লবলৈও আহৰি নোপোৱা কাৰ্যত মাজবাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

হিমা দাসে আন্তঃৰাষ্ট্ৰীয় খেলত মাত্ৰ এবাৰ স্বৰ্ণ পদক লাভ কৰাৰ পিছতে ৰাজ্যৰ দল সংগঠন তথা চৰকাৰে হিমা দাসক পৰ্যাপ্ত সাহায্য প্ৰদান কৰাৰ বিপৰীতে চান্দনীৰ ক্ষেত্ৰত দেখুওৱা চৰম উদাসীন মনোভাৱৰ বাবে খোদ স্থানীয় হিন্দু সম্প্ৰদায়ৰ লোকেই কবলৈ বাধ্য হৈছে - মুছলমান হোৱা বাবেই গুৰুত্বহীন হৈছে নেকি চান্দনীৰ প্ৰতিভা? উদ্দেশ্য প্ৰণোদিত ভাবেই বঞ্চিত কৰা হৈছে নেকি চান্দনীক? ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী, মেঘালয়,হাইদৰাবাদ, উত্তৰ প্ৰদেশত কাৰাটে খেলি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰা চান্দনীৰ পৰিয়াল অত্যন্ত দুখীয়া। পিতৃ-মাতৃ উভয়ে গাঁৱে গাঁৱে খাৰু, মালা আৰু আঙঠি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে।

সাংবাদিকৰ আগত চকুলো টুকি খেলুৱৈ গৰাকীৰ ক্ষোভ- ভাড়াৰ অভাৱত নেপালত খেলিবলৈ যাব নোৱাৰিলো, ইয়াতকৈ দুখৰ কথা আৰু কি হব পাৰে? আৰ্থিক ভাবে দুৰ্বলতাৰ বাবেই তেওঁৰ প্ৰতিভা মৰহি যোৱাৰ আশংকাত ভোগা খেলুৱৈ গৰাকীক সহপাঠী হিন্দু বন্ধু-বান্ধৱীয়ে শান্তনা দিয়ে - তই দাস নহয়, খাতুন। চৰকাৰী সাহায্যৰ আশা নকৰিবি। তোক সহায় কৰিব পৰাকৈ আমাৰ সামৰ্থ নাই। আগুৱাই যা, হাৰ নামানিবি। চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ চান্দনী সৰুৰে পৰা খেল-ধেমালিত পাৰ্গত। পিতৃ নিজেও কুস্তি খেলৰ প্ৰশিক্ষক। সেয়ে কাৰাটে আৰু কিক্ বক্সিং খেলিবলৈ মন মেলা দুখীয়া চান্দনীক ৰবিৰাম নাৰ্জাৰী, থানেশ্বৰ বড়ো, নিৰেন বসুমতাৰী, মুন শৰ্মা, জন সুৰেণ, মিগ্নেছ দৈমাৰী আৰু সীমাংছা নাৰ্জাৰীয়ে বিনা পাৰিশ্ৰামিকত প্ৰশিক্ষণ দি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলাবলৈ সক্ষম হৈছে।

ইয়াৰে প্ৰশিক্ষকসকলে বৰ্তমানো নিয়মিত ভাবেই চান্দনীৰ যতন লোৱাৰ লগতে মুন শৰ্মাই প্ৰায় সময়তে পৰিয়ালটোৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা বুলি পিতৃ কদ্দুচ খানে জানিবলৈ দিয়ে। খেলৰ কোনো সা-সৰঞ্জাম নথকা খেলুৱৈগৰাকীয়ে গাড়ীৰ টিউবত বালি ভৰাই অনুশীলন কৰা চান্দনীক স্থানীয় দল সংগঠনসমূহে উষ্ম আদৰণি জনাই যদিও তাৎপৰ্যপূৰ্ণ ভাবে চৰকাৰী পক্ষই উপেক্ষিত কৰি উদীয়মান খেলুৱৈ গৰাকীৰ প্ৰতিভা কলিতে মৰহি যাবলৈ দিব নেকি সেই প্ৰশ্নৰ উদয় হৈছে। মাজবাটৰ বিধায়ক চৰণ বড়ো আৰু ইএম শ্যাম চণ্ডীও তথা ওদালগুৰি জিলা প্ৰশাসনেও কোনো খবৰ নোলোৱা কাৰ্যত ক্ষুন্ন হৈ পৰিছে আমছু, এবিএমছু, এম এছ ইউ এ, নেমছু, আটছাৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদ।

সকলোৰে একেই প্ৰশ্ন - চৰকাৰখনে চৰম সাম্প্ৰদায়িক মনোভাৱৰ পৰিচয় দিছে। ক্ৰীড়াবিদক চৰকাৰে উৎসাহিত কৰাৰ বিপৰীতে ইয়াত উপেক্ষা কৰা হৈছে। নিজে উদ্যোগ লৈ ক্ৰীড়া মন্ত্ৰালয়ৰ জৰিয়তে কোনো ভাল খেলুৱৈ জন্ম দিব নোৱাৰা চৰকাৰে এই ক্ষেত্ৰত চান্দনীক প্ৰয়োজনীয় সহায় নকৰিলে আমাৰ অভিযোগ সত্য প্ৰমাণিত হ’ব বুলি বিভিন্ন সংগঠনৰ নেতাই মন্তব্য কৰে।

ইফালে, শৰীৰত শেষ বিন্দু তেজ থকালৈকে চান্দনীক খেলৰ পৰা বিৰত নকৰে বুলি পিতৃয়ে স্পষ্ট কৰি দিয়ে। চান্দনীৰ লগতে পিতৃয়ে চকাৰক প্ৰয়োজনীয় সাহায্যৰ বাবে কাতৰ আহ্বান জনাইছে। ভৱিষ্যতে অলিম্পিকত খেলাৰ সপোন পুহি ৰখা চান্দনীৰ সপোন বাস্তৱায়িত হ’ব নে? চৰকাৰী সাহায্যক ধিয়াই সোণৰ পদক সমূহ চাই থাকিব নেকি প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে? দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈ গৰাকীৰ খবৰ ল’বলৈ আহৰি হ’বনে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।