চোৰাং কাঠৰ বিৰুদ্ধে মাত মতা কাৰণে এজনক দলবদ্ধ আক্ৰমণ চোৰাং কাঠ মাফিয়াৰ

 05/13/2019 - 18:26

কলগাছিয়াঃ কলগাছিয়াৰ জাউৰিমাৰী-চিকনীত চোৰাং কাঠ মাফিয়াৰ দপদপনি। চোৰাং কাঠৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰাৰ বাবেই বুলবুল খান নামৰ এজন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক আবদ্ধ কৰি মাৰপিট কৰিলে চোৰাং কাঠ মাফিয়াই।জাউৰিমাৰী-চিকনীত এতিয়াও ঠায়ে ঠায়ে পৰি আছে লাখ লাখ টকাৰ সহস্ৰাধিক বৃহৎ বৃহৎ কাঠৰ কুণ্ডা।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জাউৰিমাৰী-চিকনীত বিগত কেইবা বছৰ ধৰি বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত চলি থকা চোৰাং কাঠৰ বেহাৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰাৰ বাবেই কাঠৰ মাফিয়াই যুৱকজনক আবদ্ধ কৰি মাৰপিট কৰা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জাউৰিমাৰী-চিকনী গাঁৱত একাংশ দুখীয়া ছাত্ৰই লিখা-পঢ়া বাদ দি চোৰাং কাঠৰ কামত নিয়োজিত থকা বুলি বুলবুল খান নামৰ এজন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই চোৰাং কাঠৰ কুণ্ডাৰ ভিডিঅ’সহ ফেছবুকত পোষ্ট কৰিছিল।

যাৰ বাবে বুলবুল খান নামৰ যুৱকজনক গুলবৰ, গিয়াছউদ্দীন, আমিৰ হুছেইন, ৰমজান আলীৰ লগতে কেবাজনো চোৰাং কাঠৰ মাফিয়াই দলবদ্ধ ভাৱে আক্ৰমণ চলায়। উল্লেখ্য যে, বৰটাৰী, শোলমাৰী, চিকনী, জাউৰিমাৰী আৰু শাওৰাচৰা বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত কেবা বছৰ ধৰি চলি আহিছে চোৰাং কাঠৰ ব্যৱসায়। ঠায়ে ঠায়ে এতিয়াও পৰি আছে লাখ লাখ টকাৰ সহস্ৰাধিক বৃহৎ বৃহৎ কাঠৰ কুণ্ডা। বন বিভাগ আৰু আৰক্ষী বেষ্টনীৰ মাজেদি চোৰাং কাঠ সৰবৰাহ হয় বুলি অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ। এই চোৰাং বেহা বন্ধ কৰি কাঠ মাফিয়াক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে সংগঠন দুটাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।