গােৱালপাৰাত বন বিভাগৰ ছত্ৰছায়াত ব্যাপক বনধ্বংসযজ্ঞঃ দিন-দুপৰতে সৰবৰাহ শাল-চেগুণৰ কুণ্ডা

 05/13/2019 - 18:59

গোৱালপাৰাঃ অসমৰ নামনি অসমৰ 'ঝংকাৰ’ জিলা নামে খ্যাত গোৱালপাৰা জিলাখন সম্প্ৰতি সংকটৰ কবলত। প্ৰবাদ মতে, নামনি অসমৰ বিশেষকৈ গোৱালপাৰা জিলাখনৰ প্ৰাকৃতিক বনজ সম্পদ যেনে- শাল, চেগুণ ঘন অৰণ্যৰ মাজেদি গৈছে ৩৭ নং ঘাই পথ। তাৰে মাজেদি গাড়ী-মটৰৰ শব্দ আৰু গছ-গছনিৰ লগতে চৰাই-চিৰিকটিৰ শুৱলা মাতে ঝংকাৰৰ দৰে মিঠা মাত নিগৰি আহিছিল। পিছে ক্ৰমাৎ গোৱালপাৰা বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগত চোৰাং কাঠৰ বেপাৰীয়ে বৃহৎ অংকৰ ধনৰ বিনিময়ত দিনে-নিশা অবৈধভাৱে বন ধ্বংসযজ্ঞ চলাই তহিলং কৰিলে।

কেৱল সেয়াই নহয় পাঁচ-দহ কিলোমিটাৰৰ ভিতৰৰ ব্যাসাৰ্ধত শ-শ অবৈধ কাঠফলা মিলৰ জৰিয়তে প্ৰকাণ্ড-প্ৰকাণ্ড শাল-চেগুণ কাটি বনজ সম্পদসমূহ ধ্বংস কৰি থকা তথ্য পূৰ্ব্বৰ পৰাই আছে। শেহতীয়াকৈ জিলাখনৰ বিভিন্ন দুৰ্গম হাবিৰ পৰা ঘোঁৰাৰ গাড়ী আৰু ম’হৰ গাড়ীৰে দিন-দুপৰতে ৰাজপথেদি চোৰাং কাঠ সৰবৰাহ হৈ আছে। জানিব পৰা মতে, গোৱালপাৰা জিলাখনৰ বন বিষয়াজনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বন্ধু বুলি দম্ভালি মাৰি অধিকাংশ চোৰাং বেপাৰীৰ লগত গোপন মিতিৰালিৰে বৃহৎ অংকৰ ধনৰ বিনিময়ত এই ব্যৱসায়টাে চলাই আছে।

কেৱল সেয়াই নহয় জিলাখনৰ ধূপধৰা,দুধনৈ,কৃষ্ণাই,বলবলা,আগিয়া,দ্বাৰকা,ৰংচাই,জুৰিগাৰ,লক্ষীপুৰ,জলেশ্বৰ,চিক্ৰিকিলা ইত্যাদি অঞ্চলত বন বিভাগৰ অঘোষিত কাঠফলা মিল চলি থকাৰ লগতে পশ্চিম গোৱালপাৰাৰ বাশবাৰী, আমবাৰী, কালজানি, জয়পুৰ মাকৰি আৰু পূৱ গােৱালপাৰাৰ শিমলিতলা মাটিয়া-বদুচৰ ইত্যাদি অঞ্চলৰ উপৰিও গোৱালপাৰা চহৰৰ আশে-পাশে বহুত অবৈধ মিল আজিও চলি আছে। বিভাগীয় কৰ্তৃপক্ষৰ চৰম উদাসীনতাৰ বাবেই গোৱালপাৰাৰ বনজ সম্পদৰ ধ্বংসযজ্ঞ চলি থকাত সচেতন মহলে হতভম্ব হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।