গোৱালপাৰাত ৰোজাদাৰ ই-ৰিক্সাৰ চালকক উপৰ্যুপৰি প্ৰচণ্ড চৰ ট্ৰেফিক বিষয়া সঞ্জিত দেৱৰয়ৰঃ তদন্তৰ দাবীত জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

 05/13/2019 - 20:35

গোৱালপাৰাঃ গোৱালপাৰাৰ যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত দেৱৰয়ৰ উৰ্দ্ধতালিয়ে চৰম সীমা অতিক্ৰম কৰিছে।গোৱালপাৰা চহৰৰ নতুন বজাৰত ৰবিবাৰে দিনৰ ২ মান বজাত এইগৰাকী আৰক্ষী বিষয়াই এগৰাকী ৰোজাদাৰ ই-ৰিক্সা চালকক উপৰ্যুপৰি প্ৰচণ্ড চৰ শোধোৱা ঘটনাক কেন্দ্ৰ কৰি চহৰখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰশাসনৰ উচ্চপদস্থ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ হে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগাত পৰে।পবিত্ৰ ৰমজান মাহৰ অশেষ কষ্ট স্বীকাৰ কৰি ৰোজা ৰখা ই-ৰিক্সা চালক এজনে পথৰ দাঁতিত ৰৈ থকা অৱস্থাত চালকৰ অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়নৰ কাগজ বিচৰাৰ নামত চালক লালচান্দক উপৰ্যুপৰি প্ৰচণ্ড চৰ শোধোৱা বাবে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভত ফাতি পৰে চহৰখনৰ ই-ৰিক্সা চালক সন্থা।

ভুক্তভোগী চালক লালচান্দে সংবাদ মাধ্যমক অভিযোগ কৰা মতে,ৰবিবাৰে চহৰৰ নতুন বজাৰৰ পৰা গোৱালটুলী অভিমুখে যোৱা পথৰ কাষত ৰখাই থোৱা আছিল তেওঁৰ ই-ৰিক্সাখন। সেই সময়তে যানবাহন নিয়ন্ত্ৰন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিয়ষা দেৱৰয়ে আহি চালকজনক চালকৰ অনুজ্ঞাপত্ৰসহ ই-ৰিক্সাৰ নথিপত্ৰসমূহ দেখুৱাবলৈ কয়। চালকজনে নথিপত্ৰ দেখুৱাৱ নোৱাৰাত আৰক্ষী বিষয়াজনে চালকজনৰ গালত প্ৰচণ্ড জোৰেৰে চ'ৰ এটি মাৰে।

আৰক্ষী বিষয়াজনৰ এনে কাণ্ডত কিংকৰ্তব্যবিমুঢ় হৈ পৰা চালকজনে 'চাৰ মই ৰোজাদাৰ মোক নামাৰিব, লাগিলে ট্ৰেফিক আইন ভংগৰ বাবদ মোৰ পৰা জৰিমনা লওক' বুলি কাতৰ অনুৰোধ কৰা সত্বেও মদগৰ্বী আৰক্ষী বিষয়াজনে চালকজনক উপৰ্যুপৰি আৰু দুটাকৈ প্ৰচণ্ড চৰ গালত মাৰে।বিষয়াজনে ই-ৰিক্সাখনৰ চাবিটোও কাঢ়ি লৈ যায়। প্ৰত্যক্ষদৰ্শীসকলেও এইদৰে অভিযোগ কৰে।এই অমানবীয় ঘটনাক লৈ ঘটনাস্থলীত চহৰখনৰ সমূহ ই-ৰিক্সাচালক তথা ই-ৰিক্সা সন্থাই একগোট হৈ আৰক্ষী বিষয়াজনৰ লগতে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ট্ৰেফিক আই চি মুৰ্দাবাদ,আৰক্ষী প্ৰশাসনৰ দাদাগিৰি নচলিব,ই-ৰিক্সাক হাৰাশাস্তি কৰা নচলিব আদি বিভিন্ন ধৰণৰ শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে।

অৱশ্যে ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বিষয়াৰ দল আহিহে পৰিস্থিতি ততালিকে নিয়ন্ত্ৰণ কৰে আৰু পৰিস্থিতি যাতে নিয়ন্ত্ৰণত থাকে তাৰ বাবে প্ৰশাসনে চি আৰ পি এফৰ জোৱান মোতায়েন কৰা পৰিলক্ষিত হয়। ইপিনে অভিযুক্ত আৰক্ষী বিষয়াজনে সাংবাদিকৰ আগত দাবী কৰা মতে বিষয়াজনে চালকজনক চৰ সোধোৱা নাই, মাত্ৰ ই-ৰিক্সাখনৰ চাবিটোহে কাঢ়ি লৈ আহে। ঘটনাৰ পিছত চি পি আই এমৰ সম্পাদক ননী দাসৰ সভাপতিত্বত ই-ৰিক্সা চালক সকলৰ এখনি জৰুৰী সভা অনুষ্ঠিত হয়।

আৰক্ষী প্ৰশাসনৰ উপ-আৰক্ষী অধীক্ষক আৰু গোৱালপাৰা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আশ্বাস দিয়া মতে আজিৰ পৰা ই-ৰিক্সা তথা চালকসকলক যধে মধে আৰক্ষীয়ে কোনো ধৰণৰ অত্যাচাৰ নচলায় বুলি ননী দাসে ই-ৰিক্সা চালকসকলক সভাখনত জানিব দিয়াতহে ক্ষোভিত চালকসকল শান্ত হয়। উল্লেখ্য যে, কিছুদিন পূৰ্ৱেও এইজন যানবাহন নিয়ন্ত্ৰন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিয়ষা দেৱৰয়ে এজন চালকক পাচশ টকা ফাইন কটা বাবে বজাৰৰ মাজমজিয়াতে চালকজনে আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিল।ৰাইজৰ বহু বুজনিৰ পাছতহে চালকজনে সিদ্ধান্ত সলনি কৰিছিল।ৰমজান মাহৰ ৰোজাদাৰ চালক এজনক এনেদৰে উপৰ্যুপৰি চৰ সোধাৱাটোক সচেতন মহলেও ধিক্কাৰ জনাইছে।ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি আজি চালক সন্থাই ঘটনাৰ তদন্ত দাবী কৰি জিলা উপায়ুক্ত বৰ্ণালী ডেকাক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে।ঘটনাৰ উচিত তদন্ত কৰা হ'ব বুলি উপায়ুক্ত ডেকাই প্ৰতিশ্ৰুতি দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।