আলফা স্বাধীনৰ মেজৰ ৰূপক অসমৰ আত্মসমৰ্পণ

 05/14/2019 - 11:46

শিৱসাগৰ: আলফা স্বাধীনৰ মেজৰ ৰূপক অসম ওৰফে পদুম অসম ওৰফে মণ্টু শইকীয়াৰ ভাৰতীয় সামৰিক বাহিনীৰ হাতত আত্মসমৰ্পণ কৰে। মাইবেলাস্থিত সামৰিক বাহিনীৰ কেম্পত আত্মসমৰ্পণ শিৱসাগৰ দিচাংমুখ অঞ্চলৰ আলফা নেতাজনৰ।

বিভিন্ন মাৰাণাস্ত্ৰ সহিত সমৰ্পণ কৰা ৰূপক অসম আলফাৰ মূল শিৱিৰৰ পৰা পলায়ণ কৰিছিল বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। সোমবাৰে সামৰিক বাহিনীৰ হাতত সমৰ্পণ কৰা আলফা নেতাজনক আজি শিৱসাগৰ আৰক্ষীৰ হাতত চমজাই দিয়া হয়।

এতিয়াও কোনো তথ্য প্ৰকাশৰ পৰা বিৰত আছে শিৱসাগৰ জিলা আৰক্ষী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।