চামগুৰিত গৰাখহনীয়াৰ কবলত গৃহহীন ৰাইজ: চৰম অনিশ্চয়তাত অঞ্চলবাসী

 05/14/2019 - 12:18

চামগুৰি: এখন বিদ্যালয়েই এতিয়া শেষ ৰক্ষাৰ স্থল হৈ পৰিছে চামগুৰিৰ একাংশ নৈপৰীয়া ৰাইজৰ। চামগুৰি লাওঁখোৱাৰ ৪নং ভগামুখত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ বাবে এতিয়া একাংশ দৰিদ্ৰ পৰিয়ালে নিজৰ ঘৰ-ভেঁটি ভাঙি নিৰাপদ স্থান বিচাৰি আশ্ৰয় লৈছে সমীপৰে বগুৰাআটি প্ৰাথমিক বিদ্যালয় খনৰ চৌহদত, লগতে বিদ্যালয়খনৰ আঙ্গনৱাড়ী কেন্দ্ৰটোত। এই বছৰৰ প্ৰথমটো বাৰিষা নৌহওঁতেই বৃহত্তৰ অঞ্চলটোত আৰম্ভ হোৱা গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা কণ-কণ শিশু, মহিলা, পানী-কেঁচুৱাসহ প্ৰায় কুৰিটা সৰু-বৰ পৰিয়ালে উপায়ন্তৰহৈ বিগত প্ৰায় তিনি সপ্তাহ ধৰি অস্থায়ীভাবে বসবাস কৰিবলৈ ধৰিছে বিদ্যালয়খনৰ চৌহদত।

কিন্তু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আক্ৰান্ত দুৰ্ভগীয়া পৰিয়াল কেইটাৰ বাবে এই ঠিকনাও নথাকিব বেছি দিনৰ বাবে। কাৰণ পৰিয়াল কেইটাই আশ্ৰয় লৈ থকা বগুৰাআটি প্ৰাথমিক বিদ্যালয়খনলৈও লুইতৰ ব্যাপক গৰাখহনীয়াই সম্প্ৰতি আনিছে চৰম ভাবুকি। বিদ্যালয়খনৰ পৰা মাত্ৰ বিশ ফুট নিলগত প্ৰচণ্ড গতিৰে গৰাখহনীয়া অব্যাহত ৰাখিছে কালৰূপী ব্ৰহ্মপুত্ৰই। ইফালে দিনে দিনে অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে প্ৰায় কুৰিটা পৰিয়ালে অস্থায়ীভাবে বসবাস কৰি থকা বিদ্যালয়খনৰ চৌপাশে, নিতৌ অসুস্থ হৈ পৰিছে বিদ্যালয়খনত আশ্ৰয় লোৱা পৰিয়ালসমূহৰ একাংশ শিশু।

আনাফালে দীৰ্ঘদিন ধৰি লাহে-লাহে নিশ্চিহ্ন হৈ অহা বৃহত্তৰ অঞ্চলটোত বান গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰিব নোৱাৰা শাসনাধিষ্ঠ চৰকাৰ তথা প্ৰশাসনে আনকি গৃহহীন পৰিয়ালসমূহক খাদ্য, খোৱা পানী, চিকিৎসাৰো ব্যৱস্থা কৰি নোৱাৰাক কেন্দ্ৰ কৰি চূড়ান্তভাবে ক্ষোভিত হৈছে নৈপৰীয়া ভুক্তভোগীসকলৰ লগতে স্থানীয় ৰাইজ। প্ৰকৃতিৰ ৰোষত পৰি সৰ্ৱস্বান্ত হোৱাৰ পিছতো চৰকাৰী অৱহেলাৰ বলি হ'বলৈ পাই এতিয়া নিৰুপাই পৰিয়াল কেইটাই আগন্তুক অনিশ্চিত ভবিষ্যতক ধিয়াই কেৱল মাত্ৰ চকুলো টুকিছে বগুৰাআটি প্ৰাথ্যমিক বিদ্যালয়ৰ অস্থায়ী আশ্ৰয় গৃহ সমূহত।

ইমানৰ পিছতো পৰিৱৰ্তনকামী চৰকাৰখনে তৎকালীনভাবে কি ব্যৱস্থা গ্ৰহণ কৰে বৃহত্তৰ লাওঁখোৱা অঞ্চলৰ বান-গৰাখহনীয়া ৰোধৰ বাবে তথা দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়াল কেইটাক সাময়িকভাবে সকাহ দিবলৈ, এই সকলোবোৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।