ট্ৰেফিক ছিগনেল অমান্য কৰি আৰক্ষীক হত্যাৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী মানকাচৰৰ যুৱক

 05/14/2019 - 12:42

হাটশিঙিমাৰী: জনতাৰ সুবিধাৰ্থে দেশক ৰক্ষা কৰিবলৈ ইতিমধ্যে দেশৰ বহুতো আৰক্ষী শ্বহীদ হ'বলগীয়া হৈছে। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে ৰাতি দিন একাকাৰ কৰি নিজৰ জন্মভূমিৰ মায়া ত্যাগ কৰি দেশৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ বছৰ বছৰ ধৰি নিজৰ দায়িত্ব পালন কৰি আহিছে দেশৰ বিভিন্ন স্তৰৰ আৰক্ষীসকলে। কিন্তু তেনে সময়তে মানকাচৰ থানাৰ এজন আৰক্ষীয়ে যান বাহন নিয়ন্ত্ৰণৰ দায়িত্ব পালন কৰি থকা অৱস্থাত এজন দুৰ্বৃত্তই ট্ৰেফিক ছিগনেল অমান্য কৰি আৰক্ষীক হত্যাৰ চেষ্টা চলোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত অভিযোগ মতে মানকাচৰ থানাৰ আৰক্ষী জাহান উদ্দিন শেখ আৰু গৃহৰক্ষী মুন্তাজ আলীয়ে যোৱা শুক্ৰবাৰে সন্ধিয়া ৭:৩০ বজাত মানকাচৰ পিডাব্লিউডিআইবিৰ ওচৰৰ তিনিআলিত যান বাহন নিয়ন্ত্ৰণৰ দায়িত্ব পালন কৰি থকা অৱস্থাত এজন দুৰ্বৃত্তই নম্বৰবিহীন বাইকেৰে দ্ৰুতগতিত আহি ট্ৰেফিক ছিগনেল তথা আইন নামানো বুলি কৈ ইচ্ছাকৃতভাৱে দুয়োজনৰ শৰীৰৰ ওপৰেদি বাইক উঠাই দি হত্যাৰ চেষ্টা চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। জানিব পৰা মতে বাইক চালকজন মানকাচৰ থানাৰ অধীনস্থ মানকাচৰৰ মিঞাপাৰা গাঁৱৰ বাসিন্ধা আশ্ৰাফ আলীৰ পুতেক আব্দুৰ ৰৌফ ওৰফে বাবু বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ উক্ত ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী জাহান উদ্দিনে বাইক চালকজনৰ বিৰুদ্ধে মানকাচৰ থানাত এখন গোচৰ ৰুজু কৰে আৰু গোচৰ নং ৩২৬/১৯, ২৭৯/৩০৭/৩৫৩ অনুযায়ী মানকাচৰ আৰক্ষীয়ে দুৰ্বৃত্ত বাইক চালক আব্দুৰ ৰৌফ ওৰফে বাবুক সোমবাৰে কৰায়ত্ত কৰে। মন কৰিবলগীয়া যে অভিযুক্ত লোকজনে কিয় আৰক্ষীসহ গৃহৰক্ষী দুয়োজনকে ট্ৰাফিক আইন অমান্য কৰি হত্যাৰ চেষ্টা চলালে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ইয়াৰ ৰহস্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।