মানকাচৰত আটক গভাইত চোৰ

 05/14/2019 - 12:51

হাটশিঙিমাৰী: মানকাচৰৰ ব্যৱসায়ীসকলৰ নিন্দ্ৰা হৰণ কৰিছে একাংশ চোৰে। মানকাচৰ আৰক্ষীয়ে এজন গভাইত চোৰক আটক কৰা ঘটনাই চিন্তিত কৰি তুলিছে ব্যৱসায়ীসকলক। উল্লেখ্য যে প্ৰায় এসপ্তাহ পূৰ্বে মানকাচৰ থানা এলেকাৰ ঠাকুৰাণবাৰী গাঁৱৰ বাসিন্দা নুৰ কালামৰ চুপাৰী ব্যৱসায়ৰ গুদামৰ পৰা ২০ বস্তা চিকনি চুপাৰীৰ লগতে ৭ বস্তা গুল মৰিচ চুৰি হৈছিল।

যাৰ বৰ্তমান বজাৰ মূল্য দুই লাখ টকা। পিছে ঘটনা সন্দৰ্ভত চুপাৰী ব্যৱসায়ীজনে তিনিজনীয়া চোৰৰ এটা দলে চুৰি কৰিছে বুলি মানকাচৰ থানাত এখন গোচৰ ৰুজু কৰিছিল। উক্ত গোচৰ অনুযায়ী মানকাচৰ আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছিল। জানিব পৰা মতে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত সোমবাৰে আৰক্ষীৰ দল এটাই অভিযান চলাই হাছিনুৰ ইছলাম নামৰ এজন গভাইত চোৰক আটক কৰে।

আৰক্ষীৰ সোধ পোছত আটক গভাইত চোৰটোৰ স্বীকাৰোক্তিত ঠাকুৰাণবাৰী গাৱঁৰ নুৰ নবীৰ ঘৰৰ পৰা ৩ বস্তা চোৰাং চুপাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। মন কৰিবলগীয়া যে দিনক দিনে চোৰৰ সংখ্যা বৃদ্ধি পোৱাত ব্যৱসায়ী সকলৰো টোপনি নোহোৱা হৈছে।

মানকাচৰ আৰক্ষীৰ চৰ জমিন তদন্তৰ পিছতহে পোহৰলৈ আহিব ইয়াৰ আঁৰত আৰু কোন কোন জড়িত আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।