নগাঁৱত প্ৰতিষ্ঠা হ'ব দক্ষতা বিকাশ কেন্দ্ৰ: প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বিশেষভাবে সক্ষমসকলক

 05/14/2019 - 13:10

চামগুৰি: নগাঁৱৰ পুৰণিগুদামত অতিশীঘ্ৰে প্ৰতিষ্ঠা কৰা হ'ব এক দক্ষতা বিকাশ কেন্দ্ৰ। অসম দক্ষতা বিকাশ অভিযানৰ আধাৰত তাৰাৱতী ফাউণ্ডেশ্যনৰ উদ্যোগত পুৰণিগুদাম পাৰঘাট মজলীয়া বিদ্যালয়ত প্ৰতিষ্ঠা কৰা হ'ব পাহি দক্ষতা বিকাশ কেন্দ্ৰ। মুঠ নব্বৈ গৰাকী বিশেষভাবে সক্ষম ব্যক্তিক জীবন যুঁজত আগবাঢ়িবলৈ প্ৰশিক্ষণ দিয়া হ'ব এই দক্ষতা বিকাশ কেন্দ্ৰত।

বিশেষভাবে সক্ষম ব্যক্তিসকল যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰবাবে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব কেন্দ্ৰটোত। কেন্দ্ৰটোৰ অনুষ্ঠিত এখন সভাত বিছজনকৈ বিশেষভাবে সক্ষম লোকক প্ৰদান কৰা হয় হুইল ছেয়াৰ। এই প্ৰশিক্ষণৰ দ্বাৰা প্ৰশিক্ষাৰ্থীসকল এশ শতাংশই সফল হ'ব বুলি আশাবাদী প্ৰশিক্ষকসকল।পুৰণিগুদামৰ এই দক্ষতা বিকাশ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হ'ব ধূপকাঠি নিৰ্মাণ আৰু ইলেকট্ৰিচিয়ানৰ।

প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন ক্ষেত্ৰত নিয়োজিত কৰাৰ কথা জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।