নগাঁৱত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত

 05/14/2019 - 13:21

নগাঁও: নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত এতিয়া মুকলিকৈ চলিছে ড্ৰাগছ, নিছাযুক্ত ঔষধৰ ৰমৰমীয়া বেহা। নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ড্ৰাগছ আৰু নিচাযুক্ত ঔষধৰ ব্যৱসায় বন্ধ কৰাত নগাঁও আৰক্ষী সফল হ'ব পৰা নাই। মাজে সময়ে দুই এক স্থানত অভিযান চলাই নিচাযুক্ত ঔষধ জব্দ কৰাৰ লগতে কেইজনমান অবৈধ ব্যৱসায়ীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও জিলাখনত এতিয়াও ড্ৰাগছ আৰু নিচাযুক্ত ঔষধৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে।

তদুপৰি জিলাখনত হিৰ'ইন, মাৰিজুৱানা আদিৰো প্ৰচলন চলি আছে। এনেধৰণৰ ড্ৰাগছ সেৱন কৰি বহু প্ৰতিভাবান যুৱক-যুৱতী, ছাত্ৰ- ছাত্ৰী বিপথগামী হোৱা পৰিলক্ষিত হৈছে। নিয়মিতভাবে ড্ৰাগছ সেৱন কৰা যুৱক- যুৱতী, ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈছে। নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ একাংশ শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠানৰ নাতিদূৰত গাঞ্জাৰ পুৰীয়া, ড্ৰাগছ আদিৰ প্ৰচলন অব্যাহত থকাত সচেতন মহলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

ইপিনে চহৰখনৰ চকীটুপ, চাৰিখুটি, মৰিকলং, ইংলিছ পট্টি, কাঠমিল চাৰিআলি, আই টি আই পথ, পলি ৰোড, নগাঁও ৰে'ল ষ্টেচন, হয়বৰগাঁও ৰে'ল ষ্টেচন, ভূঞাপট্টি, ধিংগেট আদিৰ লগতে চহৰখনৰ পাৰ্শ্বৱৰ্তী অঞ্চল দক্ষিণপাট, মধুপূৰ, পাথৰি চাৰিআলি, ডিমৰুগুৰি, বেঙেনাআটি কঢ়ৈয়নী আদি অঞ্চলতো ড্ৰাগছ, নিছাযুক্ত ঔষধ, অবৈধ সুৰা আদিৰ ৰমৰমীয়া ব্যৱসায় চলি আছে। এই অঞ্চলসমূহত আৰক্ষী আৰু আবকাৰী বিভাগে অভিযান নচলোৱাৰ অভিযোগ উঠিছে।

অৱশ্যে ইয়াৰ মাজতে নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ ভূঞাপট্টিত অভিযান চলাই কিছু পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে দেওবাৰে মনো বেগম নামৰ এগৰাকী মহিলা ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।