চামগুৰিত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান

 05/14/2019 - 14:17

চামগুৰিঃ বিভিন্ন সময়ত বিভিন্ন অপৰাধীৰ ৰম্যভূমিস্বৰূপ নগাঁৱৰ চামগুৰিত সোমবাৰে নিশা জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান চলায়। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চামগুৰি আৰক্ষীয়ে চামগুৰিৰ পশ্চিম মোৱামাৰিত চলায় এই অভিযান।

আৰক্ষীৰ এটা বৃহৎ দলে চলোৱা এই অভিযানত আৰক্ষীৰ দলটোৱে এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে ১৪খন বাইক, দুখন চাইকেল, কেইবাটাও মোবাইল হেণ্ডচেট সহ প্ৰায় ত্ৰিশ হাজাৰ টকাৰ লগতে আঠ জনকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে এটা অসাধু চক্ৰই অঞ্চলটোত দীৰ্ঘদিন ধৰি এটা জুৱাৰ বৃহৎ ঘাটি চলাই অহাৰ অভিযোগ বহু দিন ধৰি চলি আহিছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত চামগুৰি আৰক্ষীয়ে সোমবাৰে নিশা গোপন সুত্ৰৰ পম খেদি এই অভিযান চলায় দীৰ্ঘ দিন ধৰি চলি থকা জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।