গেলেকী তৈলক্ষেত্ৰ বিদেশী কোম্পানীক গতাবলৈ কৰা প্ৰস্তুতিৰ বিৰুদ্ধে অএনজিচিৰ কৰ্মীৰ প্ৰতিবাদ

 05/14/2019 - 15:13

শিৱসাগৰ: পুনৰ প্ৰতিবাদত নামিল অএনজিচিৰ পূৰ্বাঞ্চল এমপ্লইজ এছ'চিয়েচনৰ সদস্যসকল৷ উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপি নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ'লিয়াম মন্ত্ৰালয়ে অতি সংগোপনে অসমৰ এক সম্পদ খাৰুৱা তেলৰ মুঠ ৫০% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গটাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ ফলত অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অএনজিচিৰ কাম কাজ সংকুচিত হৈ পৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ-সামাজিক ব্যৱস্হাত ব্যাপক প্ৰভাৱ পৰিব৷ যাৰ কাৰণে অএনজিচি পূৰ্বাঞ্চল এছ'চিয়েচনৰ সদস্যসকল উদ্বিগ্ন হৈ পৰিছে৷

মংগলবাৰে এছ'চিয়েচনৰ বিষয়ববীয়া তথা অএনজিচিৰ কৰ্মচাৰীসকলে ইয়াৰ প্ৰতিবাদত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয়৷ অএনজিচিৰ মুঠ উৎপাদনৰ ৫০% খাৰুৱাতেল উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰখনক বিদেশী কোম্পানীক গটাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদা প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷

কিন্তু কোনো কাৰণতে গেলেকী তৈলক্ষেত্ৰ বাহিৰাগত কোম্পানীক গটাই দিয়া নহ'ব বুলি দাবী তোলে পূৰ্বাঞ্চল ৱৰ্কাছ এছ'চিয়েচনৰ বিষয়ববীয়াসকলে৷ যোৱা ৮ আৰু ৯ মে' তাৰিখেও অএনজিচিৰ কৰ্মচাৰীসকলে নাজিৰা আৰু শিৱসাগৰ অএনজিচিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

ইয়াৰ পিছতো যদি অএনজিচিয়ে এই সিদ্ধান্ত বাতিল নকৰে তেনেহ'লে পৰবৰ্তী সময়ত আৰু অধিক আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি এছ'চিয়েচনে জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।