সাংবাদিক মিণ্টু শৰ্মাক আক্ৰমণঃ গড়কাপ্তানী বিভাগৰ কৰ্মচাৰীৰ ৰাজপথত গুণ্ডাগিৰী

 05/14/2019 - 15:15

গুৱাহাটীঃ পুনৰ আক্ৰমণৰ বলি সাংবাদিক। প্ৰতিবিম্ব লাইভৰ সাংস্কৃতিক সাংবাদিক মিন্টু শৰ্মাই ফাঁচীবজাৰৰ পৰা ব্যক্তিগত কাম কৰি নিজৰ কৰ্মস্থলীলৈ আহিব লওঁতে সঞ্জীৱ পাঠক এজন নামৰ এজন লোকে পিছফালৰ পৰা এডাল শিকলিৰে মিন্টুক আক্ৰমণ কৰে আৰু এখন চুৰীৰেও আঘাত কৰিব খোজে৷ মিন্টু শৰ্মাই কিয় মাৰিলে বুলি প্ৰশ্ন কৰাত গুণ্ডা সঞ্জীৱে পুনৰ গুলিয়াই মৰাৰ ভাবুকি দিয়ে৷

এই সন্দৰ্ভত ফাঁচীবজাৰ আৰক্ষীক মিন্টু শৰ্মাই অৱগত কৰে যদিও এতিয়ালৈকে আৰক্ষীয়ে একো পদক্ষেপ লোৱা নাই। এতিয়াও ৰহস্যৰ আৱৰ্তত মিন্টু শৰ্মাক কিয় প্ৰহাৰ কৰিলে গুণ্ডা সঞ্জীৱ পাঠকে৷ ফটোত দেখা লোকজনেই সেই গুণ্ডা সঞ্জীৱ পাঠক। উল্লেখ্য যে সঞ্জীৱ পাঠক উলুবাৰীস্থিত গড়কাপ্তানী বিভাগৰ এজন কৰ্মচাৰী।দিনক দিনে নিৰপত্তাহীনতাত ভুগিছে ৰাজ্যৰ সাংবাদিক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।