শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আজৱকাণ্ড: চিকিৎসক থকা অৱস্থাটো প্ৰসূতিক অস্ত্ৰোপচাৰ কৰিবলৈ অমান্তি

 05/14/2019 - 15:29

শিৱসাগৰ: শিৱসাগৰ অসামৰিক চিকিৎসালয়ত যোৱা নিশা সংঘটিত এক কাণ্ডত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰী চিকিৎসা খণ্ডৰ স্বৰূপ মুকলি হৈছে। সাধাৰণ জনতাৰ বাবে স্থাপিত চিকিৎসালয়ত চিকিৎসাৰপৰা বঞ্চিত জনতা। জানিব পৰা মতে যোৱা বৃহস্পতিবাৰে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মিছাজানৰ হালীমা বেগম নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন প্ৰসূতিগৰাকীৰ সোমবাৰে সন্ধিয়া হঠাৎ জটিলতা আহি পৰে। গৰ্ভৰ পানী ভাঙি যোৱাত মহিলাগৰাকীৰ তৎকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।

চিকিৎসালয়ত সকলো সুবিধা থকাৰ পাছতো প্ৰসূতিগৰাকীক অস্ত্ৰোপচাৰ কৰাৰ সলনি চিকিৎসালয় কৰ্তৃপক্ষই আন কোনো চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিবৰ বাবে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়ে। ইয়াৰ মূল কাৰণ এটাই। উক্ত সময়ত চিকিৎসালয়ত এনাষ্টেচিয়াৰ চিকিৎসক উপস্থিত আছিল যদিও তেওঁ জৰুৰীকালীন চিকিৎসা বিভাগত নিয়োজিত হৈ থকাৰ বাবে অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন এনাষ্টেচিয়া প্ৰয়োগ কৰিবলৈ অমান্তি হয়। যাৰবাবে চিকিৎসালয় কৰ্তৃপক্ষই প্ৰসূতিৰ অৱস্থাৰ অৱনতি ঘটাৰ আগত চিকিৎসালয়ৰ পৰা অব্যাহতি দি আন চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিবলৈ উপদেশ দিয়ে।

এনে আকস্মিক বিপদত উপায়হীন পৰিয়ালটোৱে মূৰে-কপালে হাত দিয়ে। অৱশেষত ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি উপস্থিত সাংবাদিকে শিৱসাগৰ জিলা উপায়ুক্তক ঘটনা সম্পৰ্কে অৱগত কৰাত উপায়ুক্তৰ তৎপৰতাত পাঁচজনীয়া চিকিৎসকৰ দল উপস্থিত হৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰি প্ৰসূতিৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে এটি পুত্ৰ সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।