বিদ্যালয়ত অঘটনঃ অচেতন হৈ পৰিল ৬ গৰাকী ছাত্ৰী

 05/14/2019 - 15:42

নগৰবেৰাঃ নগৰবেৰাৰ টুপামাৰীৰ এখন ব্যক্তিগত বিদ্যালয়ত ঘটিছে এক অঘটন। টুপামাৰী আজান শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ একেখন বেঞ্চতে বহি থকা ৬ গৰাকীকৈ ছাত্ৰী ক্লাছ চলি থকা অৱস্থাত হঠাৎ অচেতন হৈ মাটিত ঢলি পৰে। লগে লগে বিদ্যালয়খনত লাগে হুৱাদুৱা। ততাতৈয়াকৈ আটাইকেইগৰাকী ছাত্ৰীকে স্থানীয় টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় বিদ্যালয় কৰ্তৃপক্ষই।

সম্প্ৰতি আটাইকেইগৰাকী ছাত্ৰী টুপামাৰী স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন আৰু ইয়াৰে পাচজনীৰ অৱস্থা সংকটমুক্ত হোৱাৰ বিপৰীতে এগৰাকী ছাত্ৰীৰ অৱস্থা বৰ্তমানেও উন্নত হোৱা নাই। খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।