গোসাঁইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ: এনআৰচিৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবীত উত্তাল গোসাঁইগাঁও

 05/14/2019 - 16:43

গোসাঁইগাঁও: ৰাজ্যখনত এনআৰচিৰ কাম দ্ৰুত গতিত চলি থকা সময়ত একাংশ সংগঠন আৰু অচিনাকি ব্যক্তিয়ে হকে বিহকে একাংশৰ নামত অভিযোগ কৰি হাৰাশাস্তি কৰি আহিছে। উক্ত হাৰাশাস্তি বন্ধৰ দাবীত সোমবাৰে গোসাঁইগাঁৱত আমছুই তীব্ৰ প্ৰতিবাদ সব্যস্ত কৰে। ৰাজ্যখনৰ সৰ্বত্ৰে এনআৰচিত নাম অহা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ। অভিযোগৰ ভিত্তিত বিভিন্ন এনআৰচি কেন্দ্ৰত দৌৰিছে প্ৰকৃত ভাৰতীয়।

অচিনাকি ব্যক্তি আৰু একাংশ সংগঠনে এনআৰচিৰ খচৰাত নাম অহা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ফলত দৰিদ্ৰ লোকসকলে গৰু, ছাগলী, হাঁহ- কুকুৰা, গহনা বিক্ৰী কৰি নিজৰ নথি পত্ৰ লৈ এনআৰচি কেন্দ্ৰলৈ ঢাপলি মেলিছে। অনুৰূপ ধৰণে অসমৰ লাখ লাখ ভাৰতীয় লোকে আৰ্থিক, মানসিকভাৱে হাৰাশাস্তি ভোগ কৰি আহিছে। উক্ত অভিযোগ কৰি এনআৰচিৰ কাম সুস্থভাৱে সম্পন্ন কৰাৰ লগতে ভুৱা অভিযোগ বন্ধ কৰিবলৈ এনআৰচি কর্তৃপক্ষক দাবী জনোৱাৰ লগতে এনআৰচি বিৰোধী পক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

সোমবাৰে ইয়াৰ প্ৰতিবাদত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমুখত কোকৰাঝাৰ জিলা আমছুৰ উদ্যোগত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। আমছুৰ কর্মীসকলে হাতে হাতে বিভিন্ন প্ৰতিবাদ সম্বলিত বেনাৰ, প্লেকাৰ্ড লৈ অসম চৰকাৰ হায় হায়, এনআৰচি বিৰোধী পক্ষ হুচিয়াৰ, আমাক শুদ্ধ এনআৰচি দিয়ক, এনআৰ চিৰ নামত ৰাইজক হাৰাশাস্তি বন্ধ কৰক, ভুৱা অভিযোগ খাৰিচ কৰক, অভিযোগকাৰীৰ বিৰুদ্ধে কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আদি কৰি বিভিন্ন শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত গোসাঁইগাঁও মহকুমাধিপতিৰ যোগেদি এনআৰচি কৰ্তৃপক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।