পশ্চিমবঙ্গত অসমৰ জোৱানৰ ৰহস্যজনক মৃত্যু

 05/14/2019 - 16:50

কোকৰাঝাৰঃ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ নদিয়াত অসমৰ এগৰাকী বিএছএফ জোৱানৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰহস্যজনকভাৱে মৃত্যু হোৱা জোৱানজন কোকৰাঝাৰ চহৰৰ নিকটত থকা মোকৰাপাৰাৰ বাসিন্দা আছিল বুলি জনা গৈছে৷

জানিব পৰা মতে পশ্চিমবঙ্গৰ নদিয়াত নিয়োজিত বিএছএফৰ ৫৪ নং বেটেলিয়ানৰ জোৱান আছিল নীৰেন ৰায়৷ যোৱা শনিবাৰে ৰাতিপুৱা নীৰেন ৰায়ে আত্মহত্যা কৰা বুলি খবৰ লাভ কৰিছিল পৰিয়ালৰ লোকে৷ আজি ৰাতিপুৱা নীৰেন ৰায়ৰ নশ্বৰ দেহ কোকৰাঝাৰৰ মোকৰাপাৰাত আহি পোৱা মাত্ৰকে পৰিয়ালৰ লোকে শোকত ভাগি পৰে৷

চাকৰিৰ পৰা অৱসৰ লোৱাৰ মাত্ৰ চাৰি বছৰমান আছিল যদিও নীৰেন ৰায়ৰ ৰহস্যজনক মৃত্যুৱে পৰিয়ালৰ লোকে সহজভাৱে লৱ পৰা নাই৷ পৰিয়ালৰ লোকে দাবী কৰা মতে নীৰেন ৰায়ে প্ৰকৃততে আত্মহত্যা কৰা নাই৷ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।