মৎস্য পালনেৰে স্বাৱলম্বী ৰূপহীহাটৰ এজন যুৱক

 09/16/2020 - 13:40

 

জুৰীয়াঃ বৈজ্ঞানিক উপায়েৰে মৎস্য পালনেৰে স্বাৱলম্বী ৰূপহীহাটৰ এজন যুৱক। ৰূপহীহাটৰ পূৱ ফুটালজাৰ গাঁৱৰ শ্বামিম আনোৱাৰ নামৰ এইজন উচ্চ শিক্ষিত যুৱকে বায়ু ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত শিক্ষা প্ৰদানৰ লগত জড়িত হৈ থকা এইজন শ্বামিম আনোৱাৰ নামৰ উচ্চ শিক্ষিত যুৱকজনে লকডাউনৰ সময়ত সকলো বন্ধ হৈ পৰাত নিজেই কিবা এটা কৰাৰ প্ৰয়াস কৰিছিল।

 আৰু বৈজ্ঞানিক উপায়েৰে বায়ু ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি স্বাৱলম্বী হবলৈ সক্ষম হৈছে। সাধাৰণতে পৰম্পৰাগত পদ্ধতিতকৈ বৈজ্ঞানিক উপায়েৰে মৎস্য পালন কৰিলে কম সময় আৰু কম খৰচত অধিক লাভবান হব পাৰি। যি সময়ত চৰকাৰী চাকৰি বাবে বহু শিক্ষিত যুৱক যুৱতীয়ে হাবাথুৰি খাবলগীয়া হৈছে সেই সময়ত শ্বামিম আনোৱাৰ নামৰ এইজন উচ্চ শিক্ষিত যুৱকৰ এনে পদক্ষেপ আন দহজনৰ বাবে আদৰ্শ হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.