ৰূপহীহাটত বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ: গোচৰ ৰুজু

 05/14/2019 - 16:55

ৰূপহীহাট: ৰূপহীহাটত বিজেপি নেতাৰ বিৰুদ্ধে পুনৰ উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ৷ পৰস্ত্ৰীক বিয়াৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ উথ্থাপন হৈছে ৰূপহীহাটৰ বৰপকাৰ বিজেপি নেতা শ্বাহ আলমৰ বিৰুদ্ধে৷ লম্পট বিজেপি নেতা শ্বাহ আলমে বহি:ৰাজ্যত স্বামী থকা বৰপকা গাঁৱৰ এগৰাকী মহিলাক বিভিন্ন ছলাহি কথা তথা বিয়াৰ প্ৰলোভনেৰে শাৰিৰীক সম্পৰ্ক স্হাপন কৰাত মহিলাগৰাকী গৰ্ভৱতী হৈ পৰে৷

ৰূপহীমডেল চিকিৎসালয়ত মহিলাগৰাকীয়ে পৰীক্ষা কৰি গৰ্ভৱতী হোৱা বুলি নিশ্চিত হোৱাৰ পিছত এই সম্পৰ্কে শ্বাহ আলমক অৱগত কৰায়৷ লম্পট বিজেপি নেতা আলমে বিভিন্ন ভয় ভাবুকিৰে মহিলাগৰাকীক ভিতীগ্ৰস্ত কৰি নগাঁও চহৰৰ লাওখোৱা ৰোডস্হিত ব্যক্তিগত চিকিৎসালয় এখনত নিজকে মহিলাগৰাকীৰ স্বামী বুলি পৰিচয় দি গৰ্ভপাত কৰায়৷

মহিলাগৰাকীয়ে ঘটনা সংক্ৰান্তত ৰূপহীহাট থানাত 283/19 নম্বৰত এক গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে আটক কৰা নাই লম্পট নেতাজনক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।