তামুলপুৰত পুনৰ 'লাডেন'ৰ আক্ৰমণ

 05/14/2019 - 17:11

তামুলপুৰ: তামুলপুৰৰ মঞ্জুৰগাঁৱত পুনৰ 'লাডেন'ৰ আক্ৰমণ। ভাৰত-ভূটান সীমান্তত দীৰ্ঘদিনে অব্যাহত হাতী-মানুহৰ ভয়াবহ সংঘাত। খাদ্যৰ সন্ধানত সোমবাৰে নিশা ভূটান পাহাৰৰ পৰা নামি অহা লাডেন নামৰ হাতীটোৱে ভাৰত-ভূটান সীমান্তৱৰ্তী মঞ্জুৰ গাঁৱত প্ৰৱেশ কৰি এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহত তাণ্ডৱ চলাই বাৰীৰ তামোল গছ, কল গছ আদি ভাঙি পেলায়।

এইদৰে নিৰবিচ্ছিন্নভাৱে লাডেন নামৰ হাতীটোৰ উপদ্ৰৱত এতিয়া আতংকিত হৈ পৰিছে সীমান্তৱৰ্তী ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।