লামডিঙত হোজাই জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ফল-মূল বিতৰণ

 09/19/2020 - 13:54

 

 

লামডিংঃ কালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭০তম জন্মদিনৰ লগত সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা হোজাই জিলা সমিতিৰ পৰা ৰে’ল নগৰী লামডিঙত অসামৰিক চিকিৎসা কেন্দ্ৰত সন্ধিয়া ৰোগীৰ মাজত ফল-মূল বিতৰণ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলাৰ সাধাৰণ সম্পাদক অসীম পাল ডাঙৰীয়া আৰু লামডিং সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত শিবু মিশ্ৰ আৰু লামডিঙ চিকিৎসালয় চিকিৎসক ৰবিশ্বৰ ঘোষ লগতে যুৱ মৰ্চা লামডিং টাউন মণ্ডলৰ সভাপতি দিবাকৰ নাগ ডাঙৰীয়াৰ নেতৃত্বত এটা দলে ফল-মূল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।