পুৰোহিতক চুৰীৰে আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ

 05/14/2019 - 17:22

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ পাণ্ডুস্থিত অনূকুল ঠাকুৰৰ সৎসংগ বিহাৰত পুৰোহিতক ছুৰীৰে আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। জানিব পৰা মতে সৎসংগৰ চৌহদত যুৱক-যুৱতীৰ এটা দলে সুৰাপান কৰি অনৈতিক কাৰ্যত লিপ্ত হোৱাত বাধা প্ৰদান কৰিছিল ৰাজা ভট্টাচাৰ্য নামৰ পুৰোহিতজনে।

তাতেই ক্ষুদ্ধ হৈ যুৱকৰ এটা দলে আক্ৰমণৰ চেষ্টা চলায় পুৰোহিতজনৰ ওপৰত। আনকি দুৰ্বৃত্তৰ দলটোৱে ভাঙি লণ্ড-ভণ্ড কৰে সৎসংগৰ খিৰিকী আইনা।

দুৰ্বৃত্তৰ আক্ৰমণত আহত পুৰোহিত ৰাজা ভট্টাচাৰ্যই ইতিমধ্য জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।