হায় শিক্ষা বিভাগ! গোহালিসদৃশ বিদ্যালয়ত পাঠদান

 03/07/2019 - 18:40

মুকালমুৱাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়া আৰু ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা বৰক্ষেত্ৰীৰ এখন বিশেষ বিদ্যালয়ৰ ছবিয়ে দাঙি ধৰিছে চৰকাৰৰ ফোপোলাস্বৰূপ৷ চৰকাৰী বিদ্যালয়ৰ এনে হতাশজনক ছবিয়ে উদঙাই দিছে ৰাজ্য চৰকাৰৰ প্ৰকৃত ছবিখন৷

নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বাকৰিকুছি গাঁৱৰ অতি ভিতৰুৱা অঞ্চলত ১৯৮১ চনতে স্থাপিত সূৰ্যভানু প্ৰাথমিক বিদ্যালয়খনৰ দুৰৱস্থাই এতিয়া চিন্তিত কৰি তুলিছে অঞ্চলবাসীক৷ বিদ্যালয়খনলৈ যাবলৈ নাই এটি সুচল পথ৷ আন্ত:গাঁঠনিহীন তথা বিভিন্ন অভাৱেৰে জৰ্জৰিত এটা গোহালিসদৃশ গৃহতে অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি ৰচিছে মানুহ হোৱাৰ সপোন৷

ঘন অৰণ্য যেন লগা এটা অঞ্চলৰ মাজত এটা গোহালিসদৃশ গৃহত চলিছে শতাধিক ছাত্ৰ-ছাত্ৰীৰ পাঠদান৷ বিদ্যালয়ত ডেস্ক-বেঞ্চৰ অভাৱত মাটিত বস্তা পাৰি ছাত্ৰ-ছাত্ৰীসকলে আয়ত্ব কৰিছে জ্ঞান৷ ইয়াৰ উপৰি সূৰ্যভানু প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহুৰুদ্দিন আহমেদে ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰিছে ৰাজ্য চৰকাৰে যোগান ধৰা মধ্যাহ্ন ভোজনৰ পৰা ৷ অঞ্চলটোৰ একাংশ লোকৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষকজনে নিজৰ ইচ্ছা অনুযায়ীহে ছাত্ৰ-ছাত্ৰীসকলক যোগান ধৰে মধ্যাহ্ন ভোজন৷

একেটা কোঠাতে পাঁচটা শ্ৰেণীৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ এনে পৰিস্থিতিত চিন্তিত হৈছে অঞ্চলটোৰ ৰাইজ৷ মুঠৰ ওপৰত ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলকে ধৰি বিভিন্ন ঠাইৰ একাংশ বিদ্যালয় এনেদৰে চলি থকাত স্থানীয় সচেতন মহল ক্ষুব্ধ হৈ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।