বৰপেটাত এনআৰচিৰ আসোঁৱাহ দূৰীকৰণৰ দাবীত স্মাৰক পত্ৰ প্ৰদান

 05/14/2019 - 17:49

হাউলীঃ দেশৰ উচ্চতম ন্যায়্যালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ(এনআৰচি)ৰ ক্ষেত্ৰত বৰ্তমান চলি থকা আসোঁৱাহসমূহ দূৰীকৰণৰ দাবীত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ইব্ৰাহীম আলী,সাধাৰণ সম্পাদক নিয়ামত আলীৰ নেতৃত্বত এটি পোন্ধৰজনীয়া প্ৰতিনিধিৰ দলে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীৰ জৰিয়তে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে বুলি জিলা সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক মামুনুৰ হুছেইনে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।