মাতৃভাষাৰ মাধ্যমেৰে অসমৰ শৈক্ষিক ক্ষেত্ৰত বিদ্যা ভাৰতীয়ে চলাই আছে নীৰৱ আন্দোলন

 05/14/2019 - 18:09

উত্তৰ গুৱাহাটী: বিদ্যা ভাৰতীৰ অসম প্ৰকাশন ভাৰতীৰ সভা কক্ষত আজি দুপৰীয়া শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ বিভাগৰ সৌজন্যত বিভিন্ন সংবাদ মাধ্যমৰ সংবাদসেৱীসকলৰ লগত এক সৌজন্যমূলক বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত শিশু শিক্ষা সমিতিৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে কয় যে মাতৃভাষাৰ মাধ্যমেৰে অসমৰ শৈক্ষিক ক্ষেত্ৰত বিদ্যা ভাৰতীয়ে চলাই আছে নীৰৱ আন্দোলন। তেওঁ কয় যে শিশু শিক্ষা সমিতি, অসম হৈছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ এটি শৈক্ষিক সংগঠন।

২০১৯ চনৰ পৰিসংখ্যা মতে শিশু শিক্ষা সমিতিৰ অসমৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ উপত্যকাত সৰ্বমুঠ ৫৫১ খন শংকৰদেৱ শিশু-বিদ্যা নিকেতন আছে। প্ৰায় ১,৬৬,৭৪৬ লাখ ছাত্ৰ -ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা নিকেতনবোৰত ৮২৬৭ গৰাকী আচাৰ্য-আচাৰ্যা আৰু ১৪৮৫ গৰাকী অন্য কৰ্মচাৰী কৰ্মৰত হৈ আছে। ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ফলাফল এনেধৰণৰ- উত্তীৰ্ণৰ হাৰ ৯৩.০০%, ৩ জনে বিশেষ স্থান, ১৩৯৭ জনে ষ্টাৰ আৰু ১২০৩৫ জনে লেটাৰ নম্বৰ পাইছিল।

শিশু শিক্ষা সমিতিৰ প্ৰচাৰ বিভাগৰ সম্পাদক অজয় কুমাৰ বৰাই আঁত ধৰা এই বৈঠকত অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ সম্পাদকৰ লগতে সৰ্বমুঠ ২৪ জন জ্যেষ্ঠ সাংবাদিক উপস্থিত আছিল। বৈঠকত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সাধাৰণ সম্পাদক ব্ৰহ্মাজী ৰাও আৰু শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীও উপস্থিত আছিল।

বৈঠকৰ পাছত ভোজনস্থলীত অসমীয়া সমাজ জীৱনৰ হেৰাই যাব খোজা বনৌষধিযুক্ত নিৰামিষ আহাৰ পৰিবেশনৰ ব্যৱস্থা কৰা হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।