ফেচবুকৰ প্ৰতিষ্ঠাপক জুকাৰবাৰ্গৰ আজি জন্মদিন

 05/14/2019 - 18:39

ডিজিটেল ডেস্ক: ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক এলিয়ট জুকাৰবাৰ্গৰ আজি জন্মদিন। তেখেত এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমৰ আৰু ইণ্টাৰনেট উদ্যমী। ইণ্টাৰনেট জগতত তেওঁ ফেচবুকৰ জৰিয়তে জনগণৰ মাজত এক আলোড়নৰ সৃষ্টি কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ হুৱাইট প্লেইনছত ১৯৮৪ চনৰ ১৪ মে'ত তেওঁৰ জন্ম হৈছিল।

জুকাৰবাৰ্গ এতিয়া ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO)ৰ লগতে সহ প্ৰতিষ্ঠাপক হিচাপে কৰ্মৰত হৈ আছে।তেখেতে প্ৰোগ্ৰামিঙৰ শিক্ষা তেওঁৰ পিতৃৰ পৰাই আহৰণ কৰিছিল। তেওঁ চফ্টৱেৰ ডেভল'পমেণ্টৰ বাবে ইমানেই আগ্ৰহী আছিল যে তেখেতে কিশোৰ কালতে জাকনেট নামৰ চফ্টৱেৰ এটা প্ৰস্তুত কৰিছিল।

ইউনিভাৰ্ছিটিত শিক্ষা গ্ৰহণ কৰি থকা দিনতে তেখেতে ফেচবুকৰ জন্ম দিছিল। জুকাৰবাৰ্গ সৰুৰে পৰাই অতি তীক্ষ্ণ আৰু বুদ্ধিমান ল'ৰা আছিল। স্কুলীয়া দিনতে তেওঁক গণিত, বিজ্ঞান, ভৌতিক আৰু শাস্ত্রীয় অধ্যয়ণৰ বাবে পুৰষ্কৃত কৰা হৈছিল।

ফ্ৰান্স, হিব্ৰ', লেটিন ভাষাৰ ওপৰতো তেখেতৰ যথেষ্ঠ দখল আছে। ২০১৮ চনলৈকে তেওঁৰ নিজা সম্পত্তিৰ পৰিমাণ ৭২.৫ বিলিয়ন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.