মাৰ্ঘেৰিটাত এইবাৰ ভূ-মাফিয়াৰ ৰূপত বিধায়ক ভাস্কৰ শৰ্মাৰ পালি-পহৰীয়া নেতা

 09/26/2020 - 13:39

 

জাগুনঃ এইবাৰ ভূ-মাফিয়াৰ ৰূপত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ মুখ্য সেনাপতিৰ৷ ৰাজনৈতিক প্ৰভুত্ব দেখোৱাই ভাস্কৰ শৰ্মাৰ সো-হাত সুনিল গুৰুঙে দখল কৰিলে ৰাজহুৱা ভূমি৷ চৰকাৰী জাননীকো বুঢ়া আঙুলি দেখোৱাই অট্টালিকা নিৰ্মানৰ কাম আৰম্ভ৷ তিনিচুকীয়া জিলা এমেচাৰ বক্সিং এছোছিয়েনৰ নামত মাৰ্ঘেৰিটা চক্ৰ বিষয়া কাৰ্যালয়ে ২০০২ চনৰ ২৪ এপ্ৰিল তাৰিখে এক কঠা আঠ লোচা ৩৫২৮ দাগৰ মাটি মাৰ্ঘেৰিটা সৎসঙ্গ বিহাৰৰ সমীপত অনুমোদন দিয়া এডোখৰ মাটি শেহতীয়াকৈ মাৰ্ঘেৰিটাৰ বহু বিতৰ্কিত কয়লা চোৰ তথা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙে বক্সিং এছোছিয়েছনৰ মাটি বেদখল কৰি পকী গৃহ নিৰ্মাণ প্ৰস্তুতি চলোৱা ঘটনাই তিনিচুকীয়া জিলাখনৰ ক্ৰীড়ামহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইতিমধ্যে তিনিচুকীয়া জিলা এমেচাৰ বক্সিং এছোচোয়েছনে পত্ৰ নং টি ডি পি এ /০৬/২০২০ যোগে মাৰ্ঘেৰিটা মহকুমাধিপতিক ১৭-৮-২০২০ তাৰিখে অভিযোগ দাখিল কৰে।

ইয়াৰ প্ৰতিলিপি বিধায়ক ভাস্কৰ শৰ্মা আৰু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰে। ইয়াৰ পাছতে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে সমগ্ৰ বিষয়টো তদন্ত কৰাৰ লগতে মাটি বেদখলকাৰী অভিযুক্ত সুনীল গুৰুঙক অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া মেম নং এম আৰ চি ০৮/২০১৪-২০/পি টি - আই আই আই/২৪১ নং যোগে ২১-৯-২০২০ তাৰিখে দিনৰ এঘাৰ বজাত উপস্থিত থাকিবলৈ জাননি জাৰি কৰে।

কিন্তু ইয়াৰ পৰিৱৰ্ত্তে সুনীল গুৰুঙে চৰকাৰী জাননীক অংগুষ্ঠ প্ৰদৰ্শন কৰি বেদখলীকৃত মাটিত পকী খুটা নিৰ্মাণকাৰ্য অব্যাহত ৰখাত তিনিচুকীয়া বক্সিং এছোছিয়েছনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য যে, অসমৰ বক্সিং খেলৰ অভিকেন্দ্ৰ স্বৰূপ মাৰ্ঘেৰিটাত বক্সিং ক্ৰীড়া প্ৰকল্পৰ বাবে অনুমোদিত মাটি এইদৰে বিতৰ্কিত কয়লা চোৰে দখল কৰা ঘটনাই অঞ্চলটোৰ সচেতন ক্ৰীড়া মহলে ক্ষোভ প্ৰকাশ কৰিছে।

মাৰ্ঘেৰিটা অঞ্চলৰ পৰা আন্তৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ কল্পনা চৌধুৰী, ৰাষ্ট্ৰীয় খেলুৱৈ জেনিফাৰ ডেনিয়েল, ৰাজু দাস, মৌছিন ডেনিয়েল আদিয়ে প্ৰতিনিধিত্ব কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও বহু যুৱক যুৱতীয়ে মাৰ্ঘেৰিটালৈ বক্সিং খেলৰ জৰিয়তে গৌৰৱ কঢ়িয়াই আনিছে তেনে ক্ষেত্ৰত বক্সিং খেলুৱৈ সকলৰ বাবে চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা অনুমোদিত মাটিত তিনিচুকীয়া জিলা এমেচাৰ বক্সিং এছোছিয়েছনে খেলুৱৈ সকলৰ বাবে হোষ্টেল, বক্সিং ৰিং তথা এটা কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰকল্প প্ৰস্তুত কৰাৰ মাজতেই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সোহাত স্বৰূপ বহু বিতৰ্কিত কয়লা চোৰ সুনীল গুৰুঙে কাৰ সাহসত বলিয়ান হৈ পৈত্তিক সম্পত্তিৰ দৰে নিজ খেয়াল খুছিমতে নিৰ্মাণকাৰ্য চলাইছে তাক লৈ তীব্ৰ গৰিহনা দি এই ক্ষেত্ৰত বেদখলমুক্ত কৰিবলৈ প্ৰশাসক দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।