ব্ৰেইন টিউমাৰত আক্ৰান্ত নলবাৰীৰ মেধাবী ছাত্ৰী: সহায় প্ৰাৰ্থনা

 05/14/2019 - 18:56

নলবাৰী: এগৰাকী মেধাবী ছাত্ৰীৰ দুৰবস্থাই কন্দুৱাইছে গঞাক। নলবাৰীৰ এমএনচি মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী এগৰাকীলৈ নামি আহিছে চূড়ান্ত বিপৰ্যয়। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ। জীৱনৰ তাড়নাত অৱশেষত পৰিয়ালটো শৰণাপন্ন হৈছে হৃদয়বান ৰাইজৰ।

নলবাৰীৰ গুৱাকুছিৰ চোহৰাব আলিৰ কন্যা মাইনুমনি চুলতানা এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত। নলবাৰীৰ এমএনচি মহাবিদ্যালয়ৰ ছাত্ৰী মাইনুমনি চুলতানা ব্ৰেইন টিউমাৰত আক্ৰান্ত। বিগত তিনিমাহ ধৰি গুৱাহাটী মেডিকেল কলেজত চলাই আছে চিকিৎসা। সমাজ কল্যাণ বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী চোহৰাব আলিয়ে এতিয়া কন্যাৰ এনে দুৰৱস্থাৰ বাবে চকুৰ লোতকেৰে বাট নেদেখা হৈছে।

সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে মাইনুমনি চুলতানাক ৰাজ্যৰ বাহিৰলৈ নিবলৈ নিৰ্দেশ দিছে পৰিয়ালক। কিন্তু ৰাজ্যৰ বাহিৰত গৈ চিকিৎসা কৰোৱাৰ সম্বল নাই পৰিয়ালৰ। আৰু উপায় বিহীন হৈ পৰিয়ালটো কাষ চাপিছে হৃদয়বান ৰাইজৰ। গুৱাকুছি যুবক সংঘ তথা পুথিভঁৰালৰ উদ্যোগত আজি এইদৰে গাঁৱত ৰাইজৰ সহায় ভিক্ষা কৰে। ৰাইজেও পাৰ্যমানে দান কৰে। এই দৃশ্যই বহুতৰে হৃদয়ত সাঁচ বহুৱালে।

ব্ৰেইন টিউমাৰত আক্ৰান্ত ছাত্ৰীগৰাকীৰ জীৱন ৰক্ষাৰ বাবে আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত। ষ্টেট বেংকৰ নলবাৰী শাখাৰ IFSC -SBIN 0001103 একাউন্ট যোগে আগবঢ়াব সহায়ৰ হাত। আপোনাৰ অকনমান সঁহাৰিয়ে এই ছাত্ৰীগৰাকীৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে এমোকোৰা হাঁহি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।