বঙাইগাঁৱৰ ২ নং বাশবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান

 05/14/2019 - 20:17

বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং বাশবাৰীত ৰাস্তা বন্ধ কৰা কেন্দ্ৰ কৰি কেইবাদিন ধৰি উত্তেজনা অব্যাহত আছে।

আজি দুপৰীয়া আৰক্ষী, অৰ্ধসামৰিক বাহিনী লৈ উচ্ছেদ অভিযান চলালে প্ৰশাসনে ।ঘৰ দুৱাৰ ভাঙি দিয়ে প্ৰশাসনে।

মাটিৰ গৰাকীয়ে অভিযোগ কৰি কয় যে প্ৰয়োজনতকৈ অধিক মাটি খালি কৰাৰ নিৰ্দেশ দিছে দণ্ডাধীশে। ২নং বাশঁবাৰীৰ আঃ বাতেন, ছায়েদ আলী, কদম আলী, মোনউদ্দিনৰ বিৰুদ্ধে পথ বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰি ১৭৫ গৰাকী ব্যক্তিৰ স্বাক্ষৰিত অভিযোগ দিছিল জিলা প্ৰশাসনক।আজি অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে আৰক্ষী, অৰ্ধসামৰিক বাহিনী লৈ চলালে উচ্ছেদ অভিযান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।