যুৱনেতা ওৱাছিম আক্ৰামক প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ সংখ্যালঘু প্ৰভাগৰ কামৰূপ গ্ৰাম্য জিলাৰ সভাপতিৰ দায়িত্ব অৰ্পণ

 09/29/2020 - 19:19

 

বাহাৰঘাটঃ যুৱনেতা ওৱাছিম আক্ৰামক প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযান সংখ্যালঘু প্ৰভাগৰ কামৰূপ গ্ৰাম্য জিলাৰ সভাপতি হিচাপে মনোনিত কৰে৷ ওৱাছিম আক্ৰাম আগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সক্ৰিয় কাৰ্য্যকৰ্তা আছিল৷ বৰ্তমান ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভাতৃ সংগঠন মুছলিম ৰাষ্ট্ৰীয় মঞ্চ অসম প্ৰদেশৰ প্ৰদেশ সহঃ সংযোজকৰ দায়িত্বত আছে৷অলপতে অসম প্ৰদেশ সংখ্যালঘু প্ৰভাগৰ সভাপতি আজিজৰ ৰহমান স্বাক্ষৰিত এখন পত্ৰত এই কথা প্ৰকাশ কৰে৷ তেওঁ উক্ত দায়িত্ব পোৱাত দলীয় কাৰ্য্যকৰ্তা সকলৰ মাজত উৎসাহৰ ধল উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.