ৰঙাপৰাত অন্ন যোজনাৰ শুভ উদ্বোধন মন্ত্ৰী পল্লৱৰ

 03/07/2019 - 19:39

ৰঙাপৰা: ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাত বুধবাৰে স্থানীয় বিধায়ক তথা চাহ আৰু শ্ৰমকল্যাণ মন্ত্ৰী পল্লৱ লোচন দাসে কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰে। খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত ফুলবাৰী চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত সভাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক ভৰত চন্দ্ৰ বৰদলৈয়ে আদৰণি ভাষন পাঠ কৰে।

সভাত নিজৰ বক্তব্যত মন্ত্ৰী পল্লৱ লোচন দাসে বৰ্তমান চৰকাৰৰ উন্নয়নমূলক কামৰ বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰে। সভাত মন্ত্ৰী পল্লৱ লোচন দাসে চুলাই মদৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়। নিজৰ ভাষনত চাহ জনজাতিসমূহৰ মাজত প্ৰচলিত বাল্য বিৱাহ তথা বাগিচাসমূহত থকা চুলাই ভাটিসমূহ উচ্ছেদ কৰিবলৈ ৰাইজক আহ্বান জনায়।

চাহ বাগিচাত থকা শ্ৰমিকৰ বিনামূলীয়া চাউলৰ সুলভ আৰু খাদ্যপ্ৰাপ্তি যোজনাৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰি শুভাৰম্ভ কৰে। সভাত মন্ত্ৰী পল্লৱ লোচন দাসে হিতাধিকাৰীৰ মাজত চাহ জনজাতি কল্যাণ বিভাগৰ সৌজন্যত অট’ পিকআপ ভেন গাড়ী বিতৰণ কৰে। সভাত উপস্থিত থাকে জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন, সমাজকৰ্মী ধ্ৰুৱ কুৰ্মী, ৰাজহ চক্ৰ বিষয়া ডঃ ক্ষীৰোদ কমল হাজৰিকাৰ লগতে চাহ বাগিচাৰ পৰিচালক আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।