মাজগাঁৱত দুৰ্ঘটনা: গুৰুতৰভাৱে আহত দুজন যুৱক

 05/15/2019 - 11:43

দলগাঁও: দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত 2 নং মাজগাঁৱত মঙলবাৰে সন্ধিয়া ৭.৩০ বজাত তীব্ৰ বেগী দুখন বাইক ক্ৰমে AS13H1952 আৰু AS13B9930 নম্বৰৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত পাঁচজনকৈ যুৱক আহত হয়। তাৰে দুইজনৰ অৱস্থা সংকটজনক।

আহত বাইক আৰহীকেইজনক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত যুৱককেইজন হৈছে আলাল উদ্দিন, বক্কাৰ আলী, মনোৰ উদ্দিন, নুৰ হুছেইন আৰু মোজ্জামেল হক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।