ৰঙিয়াত উদণ্ড চালকৰ বাবে যাত্ৰীবাহী বাছৰ পৰা পৰি হেণ্ডিমেনৰ মৃত্যু

 10/04/2020 - 17:56

 

ৰঙিয়াঃ নলবাৰীৰ পৰা তীব্ৰ গতিত ৰঙিয়া অভিমুখে আহি থকা যাত্ৰীবাহী বাছ এখনৰ পৰা পৰি বাইহাটা চাৰিআলিৰ ৰেকিৱ আলী নামৰ হেণ্ডিমেন এজনে মৃত্যুক সাৱটি লয়। আজি দিনৰ প্ৰায় এক মান বজাত AS 14-C 5561 নম্বৰৰ বাছখনে যাত্ৰী লৈ তীব্ৰ গতিত ৰঙিয়া অভিমুখে আহি আছিল। বাছখনে নলবাৰীৰ পৰা আহি কামৰূম আৰু নলবাৰীৰ সীমান্তৰ নোনাপাৰ পোৱা মাত্ৰকে চলন্ত বাছখনৰ পৰা ওলাই পৰে হেণ্ডিমেনজন।

ওলাই পৰা মাত্ৰকে হেণ্ডিমেনজনে মৃত্যুক সাৱতি লয়। আচৰিত কথাটোতে হল যে সহযোগীজন বাছখনৰ পৰা পৰি যোৱাৰ পিচতো চালকজনে গাড়ীখন নৰখাই তীব্ৰ গতিত আতৰি যাবলৈ চেষ্টা কৰে। তেনে সময়তে কেইজনমান যুৱকে দৃশ্যটো দেখি বাছখনৰ পিচে পিচে খেদি ৰঙিয়া বালাগাঁৱত ৰখাবলৈ বাধ্য কৰাই। পিচত ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে বাছখনৰ চালকজনক আটক কৰাৰ উপৰিও মৃত ব্যক্তিজনক ৰঙিয়া মডেল হাস্পতালয়লৈ আনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।