গোৰেশ্বৰত কিশোৰী সন্ধানহীন

 05/15/2019 - 12:08

গোৰেশ্বৰ: সন্ধানহীন হৈ আছে বাক্সা জিলাৰ গোৰেশ্বৰ গেৰুৱাৰ এগৰাকী কিশোৰী৷ প্ৰাপ্ত তথ্য মতে গোৰেশ্বৰ টাউনৰ আঠ নং ৱাৰ্ডৰ গেৰুৱাৰ বাসিন্দা ৰহমতুল্লা আলী আৰু মেৰিজান বেগমৰ কন্যা জেৰিফা ইয়াছমিন নামৰ কিশোৰীগৰাকী যোৱা দুই মে' বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছে৷

গাছবাৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পুৱা পাঁচ বজাতে টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই আহি ঘৰলৈ উভতি অহা নাই। ইপিনে কিশোৰীগৰাকীৰ টিউচন আবেলি থাকে যদিও সিদিনা ৰাতিপুৱাই টিউচনলৈ বুলি ঘৰৰ পৰা পুৱা ৫ বজাতে ওলাই যায়৷.

আনহাতে টিউচনৰ সময় উকলি যোৱাৰ পিছতো উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান লাভ কৰা নাই৷. ইতিমধ্যে পৰিয়ালৰ লোকে গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে ৪৩ নম্বৰত এটা সাধাৰণ গোচৰ ৰজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে৷

ইফালে কোনো লোকে যদি কিশোৰী গৰাকীৰ সন্ধান পাই তেন্তে নিকটৱৰ্তী আৰক্ষী থানা অথবা 7002841878 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।