অষ্টমস্থান দখলেৰে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়ালে দেৱাশ্ৰীয়ে

 05/15/2019 - 12:20

আমগুৰি: অষ্টমস্থান দখলেৰে শিৱসাগৰ গৌৰীসাগৰলৈ গৌৰৱ কঢ়িয়ালে দেৱাশ্ৰী শইকীয়াই। শংকৰদেৱ বিদ্যামন্দিৰ, গৌৰীসাগৰৰ ছাত্ৰী দেৱাশ্ৰী। দেৱাশ্ৰীৰ সাফল্যত উৎফুল্লিত হৈ উঠিছে অঞ্চলবাসীৰ লগতে শংকৰদেৱ বিদ্যামন্দিৰৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল।

গৌৰীসাগৰ মটীয়াঘাটৰ নিবাসী যাদৱ শইকীয়াৰ কন্যা দেৱাশ্ৰী। ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা মেধাৱী ছাত্ৰীগৰাকীৰ। ছাত্ৰীগৰাকীয়ে অসমীয়াত ৯৬, ইংৰাজীত ৯৮, গণিতত ১০০, বিজ্ঞানত ৯৮, সমাজবিজ্ঞানত ৯৪, ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।