
হাটশিঙিমাৰীঃ আজি দুপৰীয়া ১২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত শতাধিক কংগ্ৰেছ কমীসকলে অসম চৰকাৰে SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত জৰিত বিষয়া আৰু দালাল চক্ৰৰ বিৰুদ্ধে সঠিকভাবে বিহীত ব্যৱস্থা নোলোৱাৰ বাবে গোটেই অসমৰ লগতে হাটশিঙিমাৰীতো বিক্ষোভ প্ৰদশন কৰিবলৈ কংগ্ৰেছ কমীসকলে একগোট হয়৷
পিছত দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনে শতাধিক কংগ্ৰেছ কমীক আটক কৰে আৰু পিছত খাৰুৱাবান্ধা আৰক্ষী চকীলৈ লৈ যায়৷ ফেকামাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি দুলাল চন্দ্ৰ সাহাই সাংবাদিকৰ আগত কয় যে কংগ্ৰেছ দলে SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত জৰিতসকলৰ বিৰুদ্ধে সঠিকভাবে ছিবিআই তদন্তৰ দাবী জনায়৷ অন্যথা ব্যাপক আন্দোলনৰ কায্যসূচী গ্ৰহণ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷