দুটাকৈ স্থান লাভেৰে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়ালে দুই কৃতিমানে

 05/15/2019 - 14:07

ডিব্ৰুগড়ঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত ডিব্ৰুগড় দুজন পৰিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়।

ডিব্ৰুগড় বি এল বেৰীয়া সৰস্বতী আৰু ডনবক্স স্কুলৰ ছাত্ৰই ক্ৰমে পঞ্চম আৰু দশম স্থান লাভ কৰে।

পঞ্চম স্থানত ডিব্ৰুগড় বৈৰাগীমঠস্থিত ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র লৱজ্যোতি দাসে ৫৮৯ নম্বৰ লাভ কৰি পঞ্চম স্থান অধিকাৰ কৰে।

একেদৰে বি এল বেৰীয়া সৰস্বতী শিশু মন্দিৰৰ অনিৰ্বাণ দত্তই ৫৮৩ নম্বৰ লাভ কৰি দশম স্থানেৰে ডিব্ৰুগড়ৰ মান ৰাখিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।