গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ ১০০% উত্তীৰ্ণ

 05/15/2019 - 14:38

ডিজিটেল ডেস্কঃ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ দৰেই অসম জাতীয় বিদ্যালয়, নুনমাটিৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

ইয়াৰে প্ৰিয়ংকা কলিতাই পঞ্চম স্থান লাভ কৰাৰ লগতে আন ৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন আৰু ৪২ গৰাকীয়ে পাইছে ষ্টাৰ মাৰ্ক। পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৫৬ জন পৰীক্ষাৰ্থীৰ আটাইকেইজনেই উত্তীৰ্ণ হৈছে।

তাৰে ১৪৬ গৰাকীয়ে প্ৰথম স্থান আৰু ১০ গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰিছে। চিনি বৈশ্য নামৰ ছাত্ৰীগৰাকীয়ে সাধাৰণ গণিত, ঐচ্ছিক গণিত আৰু সাধাৰণ বিজ্ঞানত এশ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে এই তিনি বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰিও সাধাৰণ গণিতত ১৩ গৰাকী, ঐচ্ছিক গণিতত ৪ গৰাকী, সাধাৰণ বিজ্ঞানত এগৰাকী আৰু ফাইন আৰ্টত এগৰাকীয়ে বিদ্যালয়খনৰ পৰা ৰাজ্যৰ ভিতৰতে শীৰ্ষ নম্বৰ লাভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।