বলিউড অভিনেত্ৰী মাধুৰী দীক্ষিতৰ আজি জন্মদিন

 05/15/2019 - 14:38

ডিজিটেল ডেক্স: বলিউডৰ 'ধকধক গাৰ্ল' মাধুৰী দীক্ষিতৰ আজি জন্মদিন। ১৯৬৭ চনত ১৫ মে'ত মুম্বাইত তেওঁ জন্ম গ্ৰহণ কৰিছিল। অভিনেত্রীগৰাকীয়ে এইবাৰ ৫২ বছৰ বয়সত ভৰি দিলে। পদ্মশ্ৰী সন্মানপ্ৰাপ্ত মোহময়ী অভিনেত্রী মাধুৰী দীক্ষিতে ১৪ বাৰকৈ ফিল্ম ফেয়াৰৰ মনোনয়ন লাভ কৰিছিল লগতে ৪ বাৰকৈ তেওঁ শ্ৰেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰিছিল। ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত "দয়াবান" নামৰ ছবিখনত তেওঁ তেওঁতকৈ বয়সত ২১ বছৰে ডাঙৰ অভিনেতা বিনোদ খান্নাৰ লগত অভিনয় কৰিছিল।

তাৰ পিছত অভিনেত্ৰীগৰাকীৰ সেই বৰ্ষতে মুক্তিপ্ৰাপ্ত ছবি "তেজাব"ৰ এক দো তিন গীতটোৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। এই গীতটিৰ জৰিয়তে তেওঁ সেইসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত তেওঁ অভিনেতা অনিল কাপুৰৰ‌ সৈতে বহুকেইখন হিট ছবিত অভিনয় কৰিছিল। এই জুঁটিটোক সকলো দৰ্শকে আকোৱালি লৈছিল। হাম আপকে হে কোন, চাজন, তেজাৱ, দেৱদাস, বেটা, কোয়লা, লাজ্জা, ৰাম লক্ষণ, অবুধ, জমাইৰাজা আদিৰ দৰে বহু কেইখন হিট ছবি তেওঁ দৰ্শকক উপহাৰ দিয়ে।

১৯৯৯ চনত তেওঁ চিকিৎসক শ্ৰীৰাম নেনেৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু বৰ্তমান তেওঁ ৰিয়ান আৰু এৰিন নামৰ দুটি সন্তানৰ মাতৃ। সৰুৰেপৰাই অভিনেত্রীগৰাকীয়ে নৃত্যশিল্পী হোৱাৰ সপোন দেখিছিল। তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল মুম্বাই বিশ্ববিদ্যালয়ৰপৰা। বৰ্তমানো বলিউডত এই অভিনেত্ৰীগৰাকীৰ আধিপত্য অটুট আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।