উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনৰ সুন্দৰ ফলাফল

 05/15/2019 - 15:27

উত্তৰ গুৱাহাটী: ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ মুঠ ২৮ গৰাকী পৰীক্ষাৰ্থীৰ ২৩ গৰাকীয়ে প্ৰথম বিভাগত আৰু পাঁচ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে পাঁচগৰাকীয়ে ডিষ্টিংচন, তিনিগৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে। অৰুণাভ হাজৰিকা, মনালিছা কলিতা, বন্যালিমা বৰুৱা, নীলাক্ষি ডেকা আৰু ডলী বড়োৱে ডিষ্টিংচন লাভ কৰে। ষ্টাৰ নম্বৰ লাভ কৰে সৌৰভ কলিতা, বন্দিতা পাটোৱাৰী আৰু দেৱশ্ৰী শৰ্মাই।

নিকেতনৰ ছাত্র অৰুণাভ হাজৰিকাই আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৫৭৮ নম্বৰ পাবলৈ সক্ষম হয়। বন্যালিমা বৰুৱাই মুঠ ৫৬১, মনালিছা কলিতাই ৫৫৩, নীলাক্ষী ডেকাই ৫৩৮ আৰু ডলী বড়োৱে ৫১০ নম্বৰ পাবলৈ সক্ষম হয়। ইয়াৰে মনালিছা কলিতাই গণিতত ১০০% নম্বৰ লাভ কৰে। ষ্টাৰ নম্বৰ লাভ কৰে দেৱশ্ৰী শৰ্মা, সৌৰভ কলিতাই, বন্দিতা পাটোৱাৰী আৰু ৰিংকু কলিতাই।

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সভাপতি মানস দাস, সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু প্ৰধান আচাৰ্য উৎপল তালুকদাৰে ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদ দি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।