ঘগ্ৰাপাৰৰ শংকৰজ্যোতি ম’ডাৰ্ণ একাডেমিৰ এশ শতাংশ উত্তীৰ্ণ

 05/15/2019 - 15:40

নলবাৰীঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নলবাৰী জিলাত সন্তোষজনক৷ জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৭০.৮ শতাংশ৷

জিলাখনৰ পৰা ৩ গৰাকী ছাত্ৰই প্ৰথম দহৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে কেইবাখনো বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ৷ জিলাখনৰ ঘগ্ৰাপাৰত অৱস্থিত শংকৰজ্যোতি মডাৰ্ণ একাডেমিৰ এশ শতাংশ উত্তীৰ্ণ হৈছে৷

বিদ্যালয়খনৰ ১০গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ইয়াৰে এজনে ষ্টাৰ মাৰ্কসহ ৮জনেই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে দুজনে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে বিদ্যালয়খনে প্ৰতিবছৰে এই জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাৰ লগতে ঘগ্ৰাপাৰ অঞ্চলত শিক্ষাৰ এক জাগৰণ আনিবলৈ সক্ষম হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।