পলাশবাৰীত ৫কোটি ৯০ টকা ব্যয়ৰে আৱণ্টিত হোৱা পথ এমাহতে বিধ্বস্ত

 05/15/2019 - 19:09

পলাশবাৰীঃ সততে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা আওৰোৱা সোণোৱাল চৰকাৰৰ গড়কাপ্তানি বিভাগৰ হেমাহি আৰু ঠিকাদাৰৰ ব্যাপক অনিয়মৰ বাবে এইবাৰ ৰাইজ ওলাই আহিল পলাশবাৰীত। হয় এয়া পলাশবাৰী বিধানসভা সমষ্টিৰ লোহাৰঘাট অঞ্চলৰ বোকদোভাৰ পৰা বাতাবাৰী হৈ ঘাগ্ৰাচোকলৈ যোৱা ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৰুত্বপূৰ্ণ পথছোৱা।

এই পথটো এতিয়া চপৰা চপৰে খহিছে কিয়নো ৰাইজৰ অভিযোগ এই পথটোত অতি নিম্নমানৰ কাম হৈছে। বকদোভাৰ পৰা বাতাবাৰী হৈ ঘাগ্ৰাচুকলৈ নিৰ্মান হোৱা এই পথটোত নিৰ্মাণ অতি নিম্নভাৱে কৰাৰ অভিযোগ ৰাইজৰ। ৰাইজৰ অভিযোগ পথটোত পৰ্যাপ্ত শিল নিদিয়াকৈয়ে তেনেকে কৰিছে কাৰ্পেটিং আনকি কাৰ্পেটিংটো ব্যৱহাৰ কৰা নাই পৰ্যাপ্ত বিতুমিন।

যাৰ ফলত চপৰা চপৰে খহিছে পথটো। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ৫কোটি ৯০ টকা ব্যয়ৰে আৱণ্টিত হৈছিল এই পথ। পথটোৰ কাম সমাপ্তি এমাহ নহওঁতেই চপৰা-চপৰিকৈ খহি যোৱাৰ উপৰিও মাটিৰ ওপৰতেই পকীকৰণ কৰি কাম সমাপ্তি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

এই বিষয়ে ঠিকাদাৰ,অভিযন্তা,স্থানীয় গড়কাপ্তানী বিষয়াক ৰাইজে অভিযোগ দিছিল যদিও একো এটা গুৰুত্ব নিদিয়াত অৱশেষত ৰাইজ ওলাই আহিবলৈ বাধ্য হ’ল। বহু প্ৰতীক্ষাৰ অন্তত ৰাইজে এই পথটো পকীকৰণ হোৱাৰ ফলত যথেষ্ট সুখী আছিল কিন্তু এইপথটো অতি নিম্ন মানৰ হোৱা হেতুকে সৰৱ হৈ উঠিল ৰাইজো। ৰাইজৰ আহ্বান এই পথটো অতি সোনকালে পুনৰনিৰ্মানেৰে সঠিক মানদণ্ডৰ কৰিৱ লাগে৷ এতিয়া প্ৰশ্ন উঠে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ এইবোৰ দুনীৰ্তি পোহৰলৈ আহিব নে? নে এনেদৰেই পথ নিৰ্মানৰ নামত হৈ থাকিব দুৰ্নীতি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।