ধুবুৰীত মৰণফান্দত পৰিণত এটা পথ

 05/15/2019 - 19:39

ধুবুৰীঃ ধুবুৰীত গাওঁ অঞ্চলসমূহৰ উন্নয়নৰ নমুনা এয়া। চৰকাৰৰ চকু পৰিবনে? মৰণফান্দত পৰিণত এটা পথ। এই পথ ক’ত? ধুবুৰী চহৰৰ অন্তৰ্গত ভাসানীৰ চৰ গাওঁ পঞ্চায়তৰ এলেকা বগুলামাৰী গাঁৱৰ পথে ৰাইজক জ্বলাকলা খোৱাইছে। ভাসানী চৰৰ একমাত্ৰ এই পথটোত মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত(খাল)ৰ লগতে কদৰ্য্যময় ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে।

প্ৰাপ্ত বাতৰি মতে আজি পথটোত এখন ই ৰিক্সা আহি থকা অৱস্থাত দুগৰাকী নাৰ্ছ মহিলা যাত্ৰীসহ বাগৰি পৰি যায়।পিছত স্থানীয় ৰাইজৰ সহযোগিতাত কোনো মতে নাৰ্ছ দুগৰাকীৰ প্ৰাণৰক্ষা পৰে। আনকি পথটোত দিনে নিশাই বেমাৰী লোক আৰু স্কুল কলেজ মাদ্ৰাছাৰ কন কন ছাত্ৰ ছাত্ৰী কে ধৰি প্ৰায় হেজাৰ হেজাৰ লোক অহা-যোৱা কৰি আছে।

সেয়ে স্থানীয় ৰাইজৰ অভিযোগ মতে, চৰকাৰ আৰু জনপ্ৰতিনিধিৰ চৰম গাফিলতিৰ বাবে পথটোৰ এনে দুৰাৱস্থা। অতি পৰিতাপৰ বিষয় যে, মৰণফান্দৰ পৰা ৰক্ষা পাবলৈ পিছে স্থানীয় যুৱকসকলে ,পথটো মেৰামতিৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিৰ ওপৰত ভৰসা নকৰি ৰাইজৰ পৰা চান্দা উঠাবলৈ বাধ্য হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।