অবিৰত সাফল্যত জিলিকিছে ৰামপুৰ ছলাপথাৰ  আব্দুছ ছালাম  জাতীয় বিদ্যালয়

 05/15/2019 - 20:00

বটদ্ৰৱাঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ এখন  আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম  জাতীয় বিদ্যালয়ৰ পৰা এশ শতাংশ ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হোৱাৰ খবৰে সমগ্ৰ  নগাঁও জিলাৰ  লগতে  বটদ্ৰৱা  অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

বিদ্যালয়খনৰ অধ্যক্ষ ছফিকুল ইছলামে জানিবলৈ  দিয়া মতে, বিদ্যালয়খনৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৮ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ন হৈছিল। ইয়াৰে মোক্তাৰ হুছেইন আৰু তাৰিক আনোৱাৰে ডিষ্ট্ৰীংচন লাভ কৰি বিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।আনহাতে চাৰিজন ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ, সাতজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ আৰু পাঁচজন ছাত্ৰী-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিছ।

উল্লেখ্য যে,২০০৬চনত অঞ্চলটোৰ কেইজনমান শিক্ষাবিদৰ ঐকান্তিক আৰু আশাশুধীয়া চেষ্টাত গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খনে বৃহত্তৰ বটদ্ৰৱা অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। ' মানুহ গঢ়াৰ মন্দিৰ স্বৰূপ ' ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়ৰ আজি ঘোষিত হোৱা ফলাফলৰ লগে- লগেই শিক্ষানুষ্ঠানখনৰ চৌহদত শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, শুভাকাংক্ষীসকলৰ উপস্থিতিত এক প্ৰকাৰৰ  উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।