দুষ্টচক্ৰই চক্ৰান্ত কৰি লাখ লাখ টকা লোকচান কৰিলে দোকানীৰ: যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

 05/16/2019 - 12:26

দলগাওঁ: চ'ছিয়েল মিডিয়া হুৱাটছ আপযোগে এটা বীজ কোম্পানীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালে এজন যুৱকে। যুৱকজনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰিলে ডিষ্ট্ৰিবিউটাৰ ছোলেইমান আলীয়ে। অঞ্চলটোৰ হাজাৰ হাজাৰ খেতিয়কে খাৰুপেটীয়াস্থিত ছোলেইমান আলীৰ দোকানৰ পৰা ধানৰ বীজ ক্ৰয় কৰি বড়ো ধানৰ খেতি কৰিছে। খেতি পথাৰো উন্নতমানৰ হৈছে যদিও চক্ৰান্তমূলকভাৱে খেতিয়কৰ ভূৱা কমেণ্ট লৈ হুৱাটছ আপযোগে ভাইৰেল কৰি অপপ্ৰচাৰ চলাইছে এজন যুৱকে। যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে খাৰুপেটীয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

এজাহাৰত উল্লেখ কৰা মতে দৰঙ জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁ‍ৱৰ মইনুল হক নামৰ দুষ্ট যুৱকজনে "ফিটু ইণ্ডিয়া প্ৰাইভেট লিমিটেড'' নামৰ ধানৰ কোম্পানীটোৰ উৎপাদন বেয়া বুলি চক্ৰান্তমূলকভাৱে এজন খেতিয়কৰ পৰা কমেণ্ট লৈ হুৱাটচ আপযোগে ভাইৰেল কৰে। সেই ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে বিভিন্ন সমস্যাত পৰে দোকানী ছোলেইমান আলী।

মিছা ভিডিঅ' ভাইৰেল হোৱাৰ পিচতেই খেতিয়কসকলৰ পৰা পাবলগীয়া লাখ লাখ টকা এতিয়া দোকানীজনে পোৱাৰ আশা ক্ষীণ হৈ পৰিছে। ঘটনাৰ উচিত তদন্তৰ দাবী তুলি খাৰুপেটীয়া আৰক্ষী থানাত গোচৰ তৰিলে দোকানী চুলেমান আলীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।