মেট্ৰিকৰ ফলাফলে প্ৰাণ ল'লে দুজনকৈ পৰীক্ষাৰ্থীৰ

 05/16/2019 - 12:42

বঙাইগাঁও: বঙাইগাঁও জিলাৰ কোকিলা ২য় খণ্ডৰ সুলতান আলীৰ পুত্ৰ ৰুপচান আলীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে আত্মহত্যাৰ পথ বাচি লয়। ছাত্ৰজনে প্ৰথম স্থান লাভ কৰাৰ কথা আছিল যদিও নাপাই হতাশ হৈ পৰে আৰু পৰিয়ালৰ লোকেও হতাশাগ্ৰস্ত হৈ পৰে।

সন্ধিয়া প্ৰায় ৮ মান বজাত ছাত্ৰজনে ঘৰৰ পিছফালে গছত চিপজৰী লৈ আত্মহত্যা কৰে। আনহাতে সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰাৰ বলীন ঠাকুৰীয়াৰ কন্যা বিদিশা ঠাকুৰীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি ঘৰতে চিপজৰী লৈ আত্মহত্যা কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে প্ৰাণ ল'লে দুজন ছাত্ৰৰ।

এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।