এনআৰচিত আপত্তিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগ

 05/16/2019 - 13:06

ওদালগুৰিঃ ওদালগুৰিত দহটাকৈ সংখ্যালঘু সংগঠনৰ যৌথ সংবাদ মেল।এনআৰচিত আপত্তিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগ। এনআৰচিৰ চুড়ান্ত তালিকা প্ৰকাশৰ কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন অভিযোগ প্ৰতি অভিযোগেৰে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ অসম। সেহতীয়াকৈ এন আৰ চিত একাংশ দল-সংগঠনৰ কিছুমান কৰ্মীয়ে ভুৱা আপত্তি দাখিল কৰি ধৰ্মীয় তথা ভাষিক সংখ্যালঘু ৰাইজক অযথা হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।

ওদালগুৰি প্ৰেছ ক্লাৱত ইত্তেহাদ ফ্ৰন্ট অসম, মুছলিম ছাত্ৰ সন্থা, সদৌ বিটিচি বেংগলী ফেডাৰেচনৰ লগতে দহটাকৈ ধৰ্মীয় তথা ভাষিক সংখ্যালঘু সংগঠনৰ এক যৌথ সংবাদমেল আয়োজন কৰি ভুৱা আপত্তিৰে সংখ্যালঘুক অযথা হাৰাশাস্তি কৰাৰ অভিযোগ তুলি কয়, দেখা গৈছে এজন আপত্তিকাৰীয়ে বহু লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰিছে।

কিন্তু সেই আপত্তিকাৰীজনে অভিযোগ দাখিল কৰিবলৈ এআৰএন নম্বৰ ক'ত পালে বুলি প্ৰশ্ন কৰে? এই ক্ষেত্ৰত চৰকাৰ তথা এনআৰচি কৰ্ত্তৃপক্ষ জড়িত আছে বুলি সংগঠনৰ নেতাসকলে অভিযোগ কৰে। সংবাদমেলখনত ইত্তেহাদ ফ্ৰন্টৰ সাধাৰণ সম্পাদকে এখন শুদ্ধ এন আৰ চিৰ পোষকতা কৰি কয়, একাংশ দল সংগঠনৰ ভুৱা আপত্তিৰে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা হৈছে আৰু এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। নেতাগৰাকীয়ে আপত্তি দাখিলৰ লগত এবছু জড়িত থকাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।