লুণা কলিতাৰ স্মৃতিত বিশেষভাবে সক্ষম সকলৰ বাবে এখনি কুইজ প্ৰতিযোগিতা

 05/16/2019 - 13:32

গুৱাহাটীঃ পূৰ্ব্বোত্তৰ প্ৰতিবন্ধী প্ৰতিষ্ঠানে অহা ১৮ মে’ শনিবাৰে গুৱাহাটী তেতেলীয়াৰ সোমনাথ মন্দিৰৰ সমীপত স্বৰ্গীয়া লুণা কলিতাৰ স্মৃতিত ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৪.৩০ বজালৈ বিশেষভাবে সক্ষম সকলৰ বাবে এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

কুইজ প্ৰতিযোগিতাখনি মুকলি কৰিব বিশেষভাবে সক্ষমসকলৰ আয়ুক্ত কে.জে হিলালীয়ে। লগতে আবেলি ৩ বজাত বঁটা বিতৰণী সভাত উপস্থিত থাকিব পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সমাজসেৱিকা কুইন ওজা, হেমাংগ ঠাকুৰীয়াকে ধৰি আন বহু কেইজন বিশিষ্ট ব্যক্তি।উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে পূৰ্ব্বোত্তৰ প্ৰতিবন্ধী প্ৰতিষ্ঠানে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।