ধুবুৰীৰ সোনাহাটত চলিছে ছিণ্ডিকেটৰাজ: বাংলাদেশলৈ প্ৰেৰণ কৰা হয় শিলভৰ্তি ট্ৰাক

 05/16/2019 - 13:32

গোলকগঞ্জ: ধুবুৰীৰ সোনাহাটত ভয়ংকৰ ছিণ্ডিকেটৰাজ। আন্তৰ্জাতিক বাণিজ্যিক কেন্দ্ৰত চৰম অৰাজকতা দেখিবলৈ পোৱা গৈছে। মেনেজৰ নামত ব্যাৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ ছিণ্ডিকেট চক্ৰৰ। ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তত অৱস্থিত সোনাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰত পৰহি গোলকগজ্ঞ আৰক্ষীয়ে হঠাৎ কেন্দ্ৰটোত উপস্থিত হৈ AS 18A 0676, BB69 9248, AS01 4684, WB69 9247, WB71A 9888, AS01bc 4337 নম্বৰৰ শিল ভৰ্তি অভাৰলোড ট্ৰাকৰ পৰা জৰিমনা আদায় কৰে।

বুধবাৰে গোলকগজ্ঞ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে আন্তৰ্জাতিক বাণিজ্যিক কেন্দ্ৰটোত উপস্থিত হোৱাৰ পিছত ট্ৰাকসমূহৰ ড্ৰাইভাৰ পলায়ন কৰা ঘটনাই স্পষ্ট ৰূপত প্ৰমাণ কৰে যে আন্তৰ্জাতিক বাণিজ্যিক কেন্দ্ৰত অব্যাহত থকা অবৈধ ছিণ্ডিকেট চক্ৰৰ জৰিয়তে অভাৰলোড শিলভৰ্তি ট্ৰাক বাংলাদেশলৈ প্ৰেৰণ কৰা হয়।

গোলকগঞ্জৰ সোনাহাট আন্তৰ্জাতিক বাণিজ্যিক কেন্দ্ৰত যি অভাৰলোডৰ শিল আৰু কয়লাৰ ছিণ্ডিকেট চলি আছে এই অভালোডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।